আজিৰে পৰা কামৰূপ মহানগৰ জিলাৰ সমজিলাতো আৰম্ভ হ’ল যানবাহন বিষয়ক সমস্যাৰ সমাধান। সহজসাধ্য হৈ উঠিল যানবাহন ব্যৱহাৰকাৰীৰ বিভিন্ন ওজৰ আপত্তিৰ নিষ্পত্তি আৰু বাহনৰ নথিপত্ৰ বিষয়ক সমস্যাসমূহৰ তাৎক্ষণিক সমাধান । ইয়াৰ লগেলগে আৰম্ভ হ’ল কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ “ৰাইজৰ সেৱা ৰাইজৰ পদূলিত” শীৰ্ষক বিশেষ সেৱা কাৰ্যসূচী। পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্বাৱধানত আজি জালুকবাৰী সমজিলাত পৰিবহণৰ এই বিশেষ সেৱা কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। এই উপলক্ষে জালুকবাৰী সমজিলাৰ আয়ুক্ত জীৱন গোস্বামী, জিলাখনৰ জ্যেষ্ঠ নাগৰিক জ্যেষ্ঠ যানবাহন পৰিদৰ্শক দেৱাংশু দত্তকে ধৰি বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাত উপস্থিত থাকি বিশিষ্ট ব্যক্তিসকলে পৰিবহণৰ এই বিশেষ সেৱা কাৰ্যসূচীয়ে মহানগৰ জিলাখনৰ লগতে অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত সুদূৰপ্ৰসাৰী যোগাত্মক ভূমিকা গ্ৰহণ কৰিব উল্লেখ কৰি সমজিলাসমূহৰ যানবাহনৰ গৰাকীক এই গুৰুত্বপূৰ্ণ সেৱা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
সভাত অংশগ্ৰহণ কৰি পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে ৰাজপথত সকলো সময়তে সুৰক্ষিত যাতায়াত অব্যাহত ৰাখি অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ স্বাৰ্থত পৰিবহণ বিভাগে গ্ৰহণ কৰা পদক্ষেপৰ কথা উল্লেখ কৰে। তেওঁ কয় যে সুৰক্ষিত যাতায়াতৰ প্ৰথম আৰু প্ৰধান চত্তটোৱে হৈছে বাহনৰ নথিপত্ৰসমূহ সঠিক কৰি ৰখা আৰু নিয়মীয়াকৈ বাহনৰ কৰ-কাটলসমূহ আদায় দিয়া। কিন্তু ইয়াক সঠিকভাৱে মানি চলিবলৈ বাহনৰ গৰাকীৰ সমস্যাও নথকা নহয়৷বহুতৰেই কাৰিকৰী অজ্ঞতাৰ বাবে অনলাইনযোগে বাহনৰ নথিপত্ৰসমূহ সঠিকভাৱে আপলোড কৰা নহয় অথবা বিভিন্ন কাৰণত পৰিবহণৰ কাৰ্যালয়লৈ গৈয়ো বাহনৰ নথিপত্ৰ সঠিক কৰাকে ধৰি কৰকাটল আদায় দিয়াও সম্ভৱ হৈ নুঠেগৈ। সেয়ে বাহনৰ নথিপত্ৰ বিষয়ক সমস্যাসমূহ সমাধান কৰি সকলোৰে বাবে সুৰক্ষিত যাতায়াত গঢ়ি তোলাৰ মহান উদ্দেশ্যৰে আজিৰে পৰা বিভাগৰ সহায়কাৰী বিষয়াৰ দলৰ লগত তেওঁ নিজেও বাহনৰ গৰাকীৰ পদূলিতে উপস্থিত হৈ আৰম্ভ কৰে “ৰাইজৰ সেৱা ৰাইজৰ পদূলিত” শীৰ্ষক পষেকজোৰা কাৰ্যসূচী ৷ বনভোজকে ধৰি সন্মুখত যিহেতু বৰদিন, ৩১ ডিচেম্বৰ, নতুন বছৰ, মাঘবিহু আদি বিভিন্ন আনন্দমুখৰ পৰিৱেশ আৰম্ভ হৈছে সেয়ে এনে উৎসৱমুখৰ পৰিৱেশত কোনো পথ দুৰ্ঘটনাই যাতে কোনো পৰিয়াললৈকে দুঃসম্বাদ কঢ়িয়াই আনিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বিভাগে আৰম্ভ কৰিছে বিশেষ সেৱা আচনি। কিয়নো এইসময়ত নথিপত্ৰসমূহ সঠিক কৰি ৰাখি প্ৰতিখন বাহনেই বৈধ হৈ থাকিব লাগিব। অন্যথা কোনো দু্ৰ্ঘটনাত গুৰুতৰভাৱে আহত অথবা নিহত হ’বলগীয়া হ’লেও চৰকাৰ অথবা বীমা কোম্পানীৰ পৰা ক্ষতিপূৰণ পোৱা সম্ভৱ নহ’ব। উল্লেখ্য যে আজিৰ সভাখনৰ পিছতে পৰিবহণ বিভাগৰ সহায়কাৰী বিষয়াৰ দলে শতাধিক বাহনৰ গৰাকীৰ চালান, শিকাৰু অনুজ্ঞাপত্ৰ, অনুজ্ঞাপত্ৰৰ নৱীকৰণ, বাহনৰ কৰ আদায় বিষয়ক সমস্যাৰ ঠিতাতে সমাধান কৰাকে ধৰি বাহনৰ গৰাকীৰ কাৰিকৰী বিষয়ক আসোঁৱাহ, ওজৰ আপত্তিৰ ততালিকে নিষ্পত্তি কৰে৷