উত্তৰ পূব সীমান্ত ৰেলৱেৰ অগ্ৰণী ট্ৰেড ইউনিয়ন এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ হেড কোৱাৰ্টাৰ মহিলা শাখাৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এইবেলিও উত্তৰ পূব সীমান্ত ৰেলৱেৰ মালিগাঁওস্থিত সদৰ কাৰ্যালয়ৰ সন্মুখৰ বাকৰিত মাঘ বিহুৰ উৰুকাৰ লগত সংগতি ৰাখি আজি দিনযোৰা কাৰ্যসূচীৰে “হেঁপাহৰ ভোগালী” শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হয়। বন্তি প্ৰজ্বলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে এম্পলইজ ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা নেশ্যনেল ফেডাৰেচন অফ ইণ্ডিয়ান ৰেলৱেমেনছৰ ( এন এফ আই আৰ ) যুটীয়া সাধাৰণ সম্পাদক মুনীন শইকীয়াই। এই উপলক্ষে হেড কোৱাৰ্টাৰ মহিলা শাখাৰ সম্পাদিকা মিতালী দত্তই আঁত ধৰা অনুষ্ঠানটোত ভাষণ প্ৰসংগত মুনীন শইকীয়াই অসমীয়া জাতিৰ বাপটি সাহোন স্বৰুপ ভোগৰ উৎসৱ ভোগালী তথা মাঘ বিহুৱে জাতি, ধৰ্ম, ভাষা , সম্প্ৰদায় নিৰ্বিশেষে অসমত বাস কৰা সকলো লোকৰ মাজত সম্প্ৰীতিৰ এনাজৰীডাল আৰু অধিক সুদুঢ় কৰি আহিছে বুলি ব্যক্ত কৰি এনে ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰা বাবে হেড কোৱাৰ্টাৰ মহিলা শাখাৰ শলাগ লয়। অনুষ্ঠানত ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক ৰুবুল বৰুৱা, উপ সভাপতিদ্বয় ত্ৰিদীপ মজুমদাৰ আৰু ডন সিং ব্ৰহ্ম , সহকাৰী সাধাৰণ সম্পাদকদ্বয় নয়ন কুমাৰ বৰ্মন আৰু প্ৰণীতা মজুমদাৰ , কোষধক্ষ্য জোন দাসকে ধৰি কেন্দ্ৰীয় সমিতিৰ কেবাজনো বিষয়ববীয়া , গুৱাহাটী শাখাৰ সম্পাদক অৰূপ কলিতাকে ধৰি ইউনিয়নৰ কেবাটাও শাখাৰ বিষয়ববীয়া উপস্থিত আছিল। আনহাতে অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত এক বাৰে ৰহনীয়া সাংস্কৃতিক অনুষ্ঠানত মহিলা শাখাৰ কেবা গৰাকী কৰ্মকৰ্তা, সদস্যই গীত – মাত, গীতি নৃত্য নাটিকা আৰু বিহু হুঁচৰি পৰিবেশন কৰে। ইয়াৰ উপৰিও ৰেলকৰ্মী সকলৰ মাজত এখন লটাৰী খেল অনুষ্ঠিত কৰা হয়। য’ত বিজয়ী সকলক চিতল মাছৰ পৰা আৰম্ভ কৰি ছাগলী, হাঁহ আদি বিতৰণ কৰা হয়।
Trending
- SEBI and NSE Join Forces to Protect Investors from Financial Frauds
- ৰাজ্যৰ জলসিঞ্চন বিভাগৰ শীৰ্ষ বিষয়া,মুখ্য অভিযন্তাৰে মন্ত্ৰী অশোক সিংহলৰ পৰ্যালোচনা বৈঠক
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি