অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে তেওঁৰ জনতা ভৱনস্থিত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এলানি বৈঠকত আজি স্বাস্থ্য বিভাগৰ কাম-কাজৰ বিতং পৰ্যালোচনা কৰে। আজিৰ পৰ্যালোচনাত মূলতঃ স্বাস্থ্য বিভাগৰ অধীনত ৰূপায়িত আঁচনি, কাম-কাজ, স্বাস্থ্য-সূচক, মানৱ সম্পদ আদিৰ বিতং আৰু অদ্যাৱধিকৃত তথ্য প্ৰতিফলিত হোৱাকৈ বিভাগটোৰ এক একীকৃত ৱেব পৰ্টেল নিৰ্মাণৰ ওপৰত তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰে। আনহাতে ৰাজ্যত উচ্চ ৰক্তচাপ, মধুমেহ আদি অসংক্ৰামক ৰোগ প্ৰতিবছৰে চিন্তনীয়ভাৱে বাঢ়ি অহাত তেওঁ গভীৰ উদ্বেগ প্ৰকাশ কৰে। জনসাধাৰণৰ সামগ্ৰিক সুস্থতা, শাৰীৰিক পৰিশ্ৰম, নিয়ন্ত্ৰিত খাদ্যাভ্যাস, পৰিশীলিত জীৱন-ধাৰণৰ পদ্ধতি আৰু মানসিক সুস্বাস্থ্য সুনিশ্চিতকৰণৰ ওপৰত সময় থাকোতেই গুৰুত্ব আৰোপ নকৰিলে অনাগত এটা দশকত জীৱনশৈলী সম্বন্ধীয় এনে ৰোগে ৰাজ্যত মহামাৰীৰ ৰূপ ধাৰণ কৰিব বুলি তেওঁ আশংকা প্ৰকাশ কৰে। সেয়েহে এই সন্দৰ্ভত ৰাজ্যজুৰি এক বিশেষ অভিযান হাতত লবলৈ তেওঁ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগক নিৰ্দেশ দিয়ে। জনসংখ্যা আৰু চিকিৎসালয়ৰ প্ৰয়োজনীয়তা অনুসাৰে ৰাজ্যৰ বিভিন্ন জিলাত বিশেষজ্ঞ চিকিৎসককে ধৰি চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ সমানুপাতিক হাৰত আবণ্টনৰ ওপৰতো এক নীতি যুগুত কৰিবলৈ তেওঁ বিভাগক নিৰ্দেশ দিয়ে। আনহাতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত ৰূপায়িত আঁচনিৰ প্ৰদৰ্শন, সফলতাৰ আলেখলেখ আৰু বিভিন্ন স্বাস্থ্য সূচকৰ অদ্যাৱধিকৃত তথ্য সন্নিৱিষ্ট কৰি এক মাহেকীয়া পত্ৰিকা প্ৰকাশৰ পদক্ষেপ লবলৈও তেওঁ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিডিয়া কোষক নিৰ্দেশ দিয়ে। ৰাজ্যত ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যসূচী (ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰম)ক পৰিবৰ্ধিত ৰূপত এক অভিযান আকাৰে ৰূপায়ণৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে আৰু এই সন্দৰ্ভত বিতং পৰিকল্পনা প্ৰস্তুতৰ বাবে তেওঁ বিভাগক নিৰ্দেশ দিয়ে। বৈঠকত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত ৰূপায়িত আন্তঃগাঁথনিমূলক কাম-কাজৰো পৰ্যালোচনা কৰা হয়। দীৰ্ঘদিন ধৰি অসমাপ্ত আন্তঃগাঁথনিগত কামবোৰ সমাপ্ত নোহোৱালৈকে কোনো নতুন প্ৰকল্পৰ প্ৰস্তাৱ দাখিল নকৰিবলৈ তেওঁ বিষয়ববীয়াসকলক নিৰ্দেশ দিয়ে। আজিৰ বৈঠকত সুগমৰ পৰা দুৰ্গম আঁচনিৰ অধীনত চিকিসক-স্বাস্থ্যকৰ্মীৰ বদলিকৰণ, সাৰ্বজনীন টীকাকৰণ অভিযান আৰু বিশেষ টীকাকৰণ অভিযানৰ ৰূপায়ণ আদি সন্দৰ্ভতো আলোচনা কৰা হয়। আজিৰ বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব পি অশোক বাবু, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ প্ৰকল্প সঞ্চালক ডঃ লক্ষ্মণন এছ, স্বাস্থ্যসেৱা সঞ্চালক ডাঃ উমেশ ফাংছ’, আয়ুস সঞ্চালক ইন্দ্ৰানসী দাসৰ লগতে বিভাগৰ অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।
Trending
- অপ্ৰমাদী কবি মাধৱ কন্দলিকৃত ৰামায়ণ সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ অধীনত গৱেষণা কৰা গৱেষকসকললৈ ৰাষ্ট্ৰীয় বঁটাপ্ৰদানৰ ব্যৱস্থা
- অৱসৰৰ দিনাই ১০ গৰাকী শিক্ষক-কৰ্মচাৰীলৈ পেঞ্চনৰ ব্যৱস্থা
- Inauguration of Common Facility Centre (CFC) under PM-DevINE Scheme at East Siang, Arunachal Pradesh
- Career Talk on Logistics Sector Opens New Career Pathways for Students and Parents
- গুৱাহাটী প্ৰেছ ক্লাবৰ বিষয়ববীয়াৰে তথ্য আৰু জনসংযোগ বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক
- NSE Investor Base Crosses 13 Crore; Assam and North East Among Fastest-Growing Regions
- অসম সন্তানৰ সাফল্য
- গুৱাহাটী প্ৰেছ ক্লাবৰ বিভিন্ন সমস্যা, সাংবাদিকৰ নিৰাপত্তা বিষয়ত ৰাজ্যৰ মুখ্য সচিবক সাক্ষাৎ গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিনিধিবৰ্গৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দ্বিতীয় লেক্স ইম্পেৰিয়াম মুট কোৰ্ট প্ৰতিযোগিতা সম্পন্ন
- গুৱাহাটী বিশ্ববিদ্যালয়ত উপাসনা কলা কেন্দ্ৰৰ ৰূপালী জয়ন্তী অনুষ্ঠান সম্পন্ন