শিল্পী দিৱসৰ লগত সংগতি ৰাখি পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ নিৰ্দেশত অগপৰ মধ্য গুৱাহাটী যুৱ পৰিষদৰ উদ্যোগত বিশিষ্ট কণ্ঠশিল্পী , চিত্ৰশিল্পী, সমাজসেৱক ৰঞ্জন বড়োক আজি তেওঁৰ বাসগৃহত সম্বৰ্ধনা জনোৱা হয় । আনহাতে অগপৰ মধ্য গুৱাহাটী বিধান পৰিষদৰ সম্পাদক ভূপেন ঠাকুৰীয়া , গুৱাহাটী পৌৰ নিগমৰ ১২নং ৱাৰ্ডৰ পাৰিষদ দীপাংকৰ বৈশ্য আৰু অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা মধ্য গুৱাহাটী যুৱ পৰিষদৰ সভাপতি সুশান্ত দেৱ চৌধুৰীৰ নেতৃত্বত যোৱা সজাতি দলটোৱে ৰঞ্জন বড়োক জাপি , গামোচা, শৰাই আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে ভোগালী বিহুৰ ওলগ জনায়। সজাতি দলটোত মধ্য গুৱাহাটী যুৱ পৰিষদৰ সম্পাদক ইন্দ্ৰজিৎ গোস্বামী,উপ সভাপতি ক্ৰমে- সুনীল দাস, ভাৰ্গৱ শৰ্মা, সহকাৰী সম্পাদক ক্ৰমে – জাবেদ আলী, দিবাকৰ ৰাজবংশী,ৰাজেশ চক্ৰৱৰ্তী আৰু শংকৰ দত্ত উপস্থিত আছিল ।
Trending
- Prime Minister of Bhutan visits Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত পদ্মভূষণ পুষ্পলতা দাস স্মাৰক বক্তৃতানুষ্ঠান
- জন্মদিনত ১০ জন কৃষকক হাতী খেদাৰ বাবে ১০ টা টৰ্ছ আৰু পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত ৩ যোৰ ডেস্ক- বেঞ্চ প্ৰদান প্ৰদান সমাজকৰ্মী বলেশ্বৰ ৰংপীৰ
- Assam CM meets Nirmala Sitharaman, discusses state’s growth roadmap
- এয়াৰটেলৰ পোষ্টপেইডে নেটৱৰ্কৰ সমস্যা সমাধান কৰে
- কৃষি বিজ্ঞান কেন্দ্ৰত কৃষক সজাগতা সভা সম্পন্ন
- Guwahati Hosts Industry 4.0 Dental 3D Printing Workshop
- District Development Committee Meeting Reviews Key Schemes in Kamrup
- উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
- চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত বাৰ্ষিক বঁটা বিতৰণী সভা সম্পন্ন