ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহৰ লগত সঙ্গতি ৰাখি কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগ আৰু জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত আৰু নেহৰু যুৱ কেন্দ্ৰৰ সহযোগত মহানগৰীৰ আৰ্য বিদ্যাপীঠ কলেজত কাইলৈ শনিবাৰে ৰাতিপুৱা ১১বজাত বিশেষ পথ-সুৰক্ষা সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বিশেষকৈ ছাত্ৰ-ছাত্ৰী তথা যুৱ-প্ৰজন্মৰ মাজত পথ-সুৰক্ষা সজাগতাক অভ্যাসত পৰিণত কৰি সমাজৰ সৰ্বস্তৰতে ব্যাপক জনসচেতনতা গঢ়ি তোলাৰ লক্ষ্যৰে এই অনুষ্ঠানৰ আয়োজনৰ কথা উল্লেখ কৰে পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসে। সমগ্ৰ দেশৰ লগতে অসমতো ১৮ৰ পৰা ৪৫বছৰ বয়সৰ অধিক লোকেই পথ দুৰ্ঘটনাত নিহত হোৱাৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহৰ সময়চোৱাত দ্ৰুতবেগ পৰিহাৰ কৰি সুৰক্ষিত গতিত বাহন চলোৱাকে ধৰি গুৰুত্বপূৰ্ণ দিশসমূহৰ সজাগতাত অধিক প্ৰাধান্য দিয়াৰ লগতে এইসকল লোকক পথ-সুৰক্ষাৰ একো একোজন যোদ্ধা হিচাপে গঢ়ি তোলাৰ বাবে পৰিবহণ বিভাগৰ প্ৰয়াসৰ কথা উল্লেখ কৰে বিশেষ কতৰ্ব্যৰত বিষয়াগৰাকীয়ে। উল্লেখ্য যে কাইলৈ অনুষ্ঠিত হ’বলগীয়া সজাগতা অনুষ্ঠানত পথ-সুৰক্ষা বিষয়ক বাটৰ নাট, মুকাভিনয় আদি অনুষ্ঠিত হোৱাৰ লগতে কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত আয়ুক্তসহ পৰিবহণ বিভাগৰ উচ্চপদস্থ বিষয়া, নেহেৰু যুৱ কেন্দ্ৰৰ নেতৃবৰ্গ, শিক্ষাবিদৰ লগতে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ ভালেকেইগৰাকী অগ্ৰণী ব্যক্তি উপস্থিত থাকি পথ-সুৰক্ষা সজাগতাক সমাজৰ সৰ্বস্তৰলৈ আগবঢ়াই নিয়াত ব্ৰতী হ’ব।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ