গুৱাহাটীৰ লংকেশ্বৰস্থিত অসম শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ উদ্যোগত আৰু খানাপাৰাৰ ডায়েৰী গেটস্থিত ব্ৰীথ চুপাৰ স্পেচিয়েলিটি ক্লিনিক এণ্ড ডায়েগ্ননষ্টিকৰ সহযোগত আজি খানামুখৰ শ্ৰী শ্ৰীলক্ষ্মী মন্দিৰৰ সামূহিক গৃহত এটা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। শিবিৰটো মুকলি কৰে খানামুখ ৰাজহুৱা নামঘৰ পৰিচালনা কমিটীৰ সভাপতি যাদৱ চন্দ্ৰ কলিতাই। আনহাতে এই উপলক্ষে অসম শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ শিক্ষক ৰঞ্জন পাটোৱাৰীয়ে আঁত ধৰা অনুষ্ঠানটোত যাদৱ চন্দ্ৰ কলিতাই ভাষণ প্ৰসংগত এনে ধৰণৰ শিবিৰ খানামুখত অনুষ্ঠিত কৰা বাবে উদ্যোক্তা সকলৰ শলাগ লয়। অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মালবিকা কলিতাৰ, খানামুখ মহিলা সমিতিৰ কৰ্মকৰ্তা ক্ৰমে জোৎস্না কলিতা, জুমি কলিতা, নৱনীতা কলিতা, নীলিমা কলিতা, সীমা কলিতা, জ্যেষ্ঠ সাংবাদিক তথা পশ্চিম গুৱাহাটী সাংবাদিক সন্থাৰ সভাপতি জয়ন্ত কলিতাকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে। আনহাতে শিবিৰত ডাঃ মৃত্যুঞ্জয় মেধি, ডাঃ চাহিল হুছেইনৰ নেতৃত্বত এটা চিকিৎসক আৰু চিকিৎসাকৰ্মীৰ দলে পুৰুষ – মহিলা নিৰ্বিশেষে,৬০ জনৰো অধিক লোকক সাধাৰণ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে কেনে ধৰণৰ সাৱধানতা অৱলম্বন কৰিলে বহু সাধাৰণ ৰোগ বা সৰু – সুৰা বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰি সেই সম্পৰ্কে বাখ্যা দাঙি ধৰে।
Trending
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি
- গুৱাহাটীত এইচ ডি এফ চি বেংকে নতুনকৈ মুকলি কৰিলে প্ৰযুক্তি আৰু ডিজিটেল ফেক্টৰী