এডভাণ্টেজ অসম ২.০ ৰ অংশস্বৰূপে আজি কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত মহানগৰীৰ গনেশগুৰিস্থিত কৰ ভৱনৰ প্ৰেক্ষাগৃহত একাধিক বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠান হয় । অনুষ্ঠানত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ হৈ জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঁঞাই জিলাখনৰ বিভিন্ন উদ্যোগপতি-ব্যৱসায়িক প্ৰতিষ্ঠানৰ সৈতে বুজাবুজিৰ চুক্তিপত্ৰত স্বাক্ষৰ কৰে । থলুৱা উদ্যোগসমূহক আৰু অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে প্ৰধানকৈ মেচাৰ্ছ দৈৱিক,মেচাৰ্ছ চেৰাউগী ৰিয়েলছ প্ৰাইভেট লিমিটেড,মেচাৰ্ছ ওমশ্ৰী প্ৰডাক্ট ,মেচাৰ্ছ ফাৰ্ষ্ট প্ৰ’ প্ৰাইভেট লিমিটেড প্ৰমুখ্যে ৭৬ খন চুক্তি পত্ৰত স্বাক্ষৰ কৰা হয় ।উল্লেখযোগ্য যে কামৰূপ মহানগৰ জিলাত ২১৯ টা প্ৰকল্প আছে। ইয়াৰ ভিতৰত ৫০ কৌটিতকৈ অধিক ১২ টা আৰু ৫০ কৌটিতকৈ কম ২০৭ টা প্ৰকল্প । এই বুজাবুজি চুক্তিত প্ৰায় ৩৮৫.৩৭ কৌটি টকা বিনিয়োগ কৰা হ’ব । ইপিনে, আজিৰ এই বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত গুৱাহাটীৰ খানাপাৰাত এডভান্টেজ অসম ২.০ ৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ প্ৰদৰ্শন কৰা হয় । আজিৰ অনুষ্ঠানত জিলা উদ্যোগ আৰু বাণিজ্যিক বিভাগৰ মহাপ্ৰবন্ধক উমেশ কুমাৰ, জিলা প্ৰশাসন, জিলা উদ্যোগ আৰু বাণিজ্যিক বিভাগৰ বিষয়াসকলৰ লগতে বিনিয়োগকাৰীসকল উপস্থিত থাকে।
Trending
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান
- অসম খনিজ উন্নয়ন নিগম পৰিসীমিতৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকাৰ চেক প্ৰদান
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা অনুষ্ঠিত
- DoHUA Minister Jayanta Mallabaruah Inspects Flood-Affected Areas in Guwahati
- বি এ আই চিৰ উদ্যোগত প্ৰদৰ্শনীমূলক মেলা আয়োজন