১১ জুলাইত মুক্তি লাভ কৰিবলগীয়া হাস্যমধুৰ কাহিনীৰে নিৰ্মিত অসমীয়া কথাছবি মালামাল বয়জৰ আজি গুৱাহাটীস্থিত চিটি চেন্টাৰত এক বৰ্ণাঢ্য অনুষ্ঠান আয়োজনেৰে ছবি খনৰ ট্ৰেইলাৰ আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়।দুৰ্দন্ত অভিনয়ৰে যুৱ প্ৰজন্মৰ হৃদয়ত স্থান লাভ কৰা জনপ্ৰিয় অভিনেত্ৰী জুনু নাথে মুখ্য চৰিত্ৰত অভিনয় কৰিবলগীয়া ছবিখনত বলিউডৰ তথা পঞ্চায়ত ৱেব ছিৰিজত দুৰ্দান্ত অভিনয়ৰে দৰ্শকৰ মন মোহিত কৰা জনপ্ৰিয় অভিনেতা দুৰ্গেছ কুমাৰ আৰু অশোক পাঠকক এইবাৰ অন্য ৰূপত দৰ্শকে দেখিবলৈ পাব।ইয়াৰোপৰি ছবিখনত জলিউদৰ জনপ্ৰিয় অভিনেতা বলীন বৰা,উজ্জ্বল ৰাজখোৱা,জিন্টু কুমাৰ কাশ্যপ,নৱজ্যোতি নাথ,অতনু মহন্ত,দ্বীপজ্যোতি কলিতা,প্ৰণামী, ৰাজু ৰয়,সিদ্ধাৰ্থ মুখাৰ্জী, নৱবকুমাৰ আৰু বিদ্যুতে অভিনয় কৰিছে। মৃণাল ডেকা এণ্ড টীমৰ পৰিচালনাৰে নিৰ্মান হোৱা ছবিখনত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী জয় বৰুৱা,আচুৰ্য বৰপাত্ৰ আৰু বহ্নিমানে। তিৰণ মহন্তই সংগীত পৰিচালনা কৰা ছবিখনত সংগীত সজ্জা কৰিছে কিংছুক মৰাণে।গানৰ শব্দ জিন্টু কুমাৰ কাশ্যপ,পাপলু চেতিয়া আৰু বৰষা বৰাৰ।ইফালে ট্ৰেইলাৰ মুকলি অনুষ্ঠানত পঞ্চায়ত ৱেব ছিৰিজৰ জনপ্ৰিয় অভিনেতা দুৰ্গেছ কুমাৰ আৰু অশোক পাঠকৰ লগতে ছবিখনৰ সমূহ কলা কুশলী উপস্থিত থাকে। উল্লেখ্য যে ছবিখনে মুক্তিৰ পূৰ্বেই ৰাইজৰ মাজত ব্যাপক চর্চা লাভ কৰিছে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram