অসম সাহিত্য সভাৰ স্বীকৃত স্বৰ্ণশাখা ৰাণী সাহিত্য সভাৰ ত্ৰয়োদশ দ্বিবাৰ্ষিক অধিৱেশনখন ১৩ জুলাইত ৰাণী ৰূপকোঁৱৰ কলা পৰিষদৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে ৰাণী সাহিত্য সভাৰ সভাপতি প্ৰভাত দাসে আৰু স্মৃতি তৰ্পণ কৰে ৰাণী সাহিত্য সভাৰ সভাৰ কাৰ্যনিৰ্বাহ সদস্য বন্তিৰাম তালুকদাৰে। ইয়াৰ পিছতে অনুষ্ঠিত কবিতা পাঠৰ অনুষ্ঠানত পৰ্যালোচক হিচাপে উপস্থিত থাকে বিশিষ্ট কবি ৰোহিনী কুমাৰ।ৰাণী সাহিত্য সভাৰ মুখপত্ৰ ৰাজ্ঞী উন্মোচন কৰে প্ৰাক্তন আন্তজাৰ্তিক খ্যাতি সম্পন্ন বন বিষয়া বিশিষ্ট কবি ধৰণীধৰ বড়োয়ে। অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি গণেশ্বৰ চহৰীয়া আৰু নিৰ্দিষ্ট বক্তা ৰূপে উপস্থিত থাকে কামৰূপ জিলা সাহিত্য সভাৰ প্ৰতিনিধি তথা দিছপুৰ মহাবিদ্যালয়ৰ মুৰব্বী অধ্যাপক অজিত প্ৰসাদ শৰ্মা। অনুষ্ঠানত বিশিষ্ট কবি চবিন চন্দ্ৰ নাথ, তাৰিণী কুমাৰ দাস, বন্তিৰাম তালুকদাৰ , ৰজনীকান্ত দাস,হেমেন হাজৰিকা, পবিত্ৰ দাস,শংকৰ দাস,প্ৰভাত দাস, দ্বিজেন দাস,আনোৱাৰ হুছেইন, ৰাকেশ তালুকদাৰ,ভূপেন দাস, প্ৰিয়ংকা ৰাভা,পৰাগ দাস কৃষ্ণকান্ত দাস, বিশ্বজিত দাস সুশীল মালী,মৰজিনা খাতুন,দিপিকা মালাকাৰ, আদিকে ধৰি কেবাগৰাকী কবিয়ে কবিতা পাঠ কৰে।শেষত ৰাণী সাহিত্য সভা (স্বৰ্ণ শাখা)ৰ নতুন কাৰ্যকালৰ বাবে দ্বিজেন দাসক সভাপতি আৰু চবিন চন্দ্ৰ নাথক সম্পাদক হিচাপেলৈ ২৫ জনীয়া এখন নতুন সমিতি গঠন কৰা হয়।
Trending
- এয়াৰটেলৰ সৈতে ইউটিউবৰ অংশীদাৰিত্ব: প্ৰিপেইড গ্ৰাহকৰ বাবে ইউটিউব প্ৰিমিয়ামৰ সুবিধা
- পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ১২ খনতকৈ অধিক যাত্ৰীবাহী ৰে’ল বৈদ্যুতিক ট্রেকচনলৈ পৰিবৰ্তন
- সতৰ্কতা সজাগতা অভিযানত পথিকৰ উদ্যোগত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপ চেণ্টাৰত বাটৰ নাট প্ৰদৰ্শন
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য