গোলাঘাট জিলাৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত চলি থকা বৃহৎ পৰিসৰৰ উচ্ছেদ অভিযানৰ প্ৰথম পৰ্যায় আজি সফলতাৰে সম্পন্ন হয়। বিদ্যাপুৰ আৰু ২ নম্বৰ মধুপুৰত পৰিচালিত অন্তিম দিনটোৰ অভিযান সম্পূৰ্ণ ৰূপে শান্তিপূৰ্ণভাৱে আৰু প্ৰতিৰোধ নোহোৱাকৈ সম্পাদিত হয়।
এই পাঁচদিনীয়া অভিযানৰ অন্তৰ্গত বিদ্যাপুৰ, পিঠাঘাট, সোণাৰিবিল, দোয়ালপুৰ, দোলনীপথাৰ, খেৰবাৰী, আনন্দপুৰ, মধুপুৰ আদিসহ বহু সংখ্যক অবৈধ অধিকৃত অঞ্চলৰ হাজাৰ হাজাৰ বিঘা সংৰক্ষিত বনভূমি পুনৰুদ্ধাৰ কৰা হয় আৰু শতাধিক অবৈধ কাঠামো ভাঙি পেলোৱা হয়।
বিশেষ মুখ্য সচিব এম কে যাদৱে সংবাদ মাধ্যমক জনায় যে, এই অভিযানৰ জৰিয়তে এতিয়ালৈকে প্ৰায় ৮৯০০ বিঘা বনভূমি উদ্ধাৰ কৰা হৈছে আৰু ৪ হাজাৰৰো অধিক অবৈধ আন্তঃগাঁথনি (structure) অপসাৰণ কৰা হৈছে। তেওঁ লগতে উল্লেখ কৰে যে, বাকী থকা বেদখল অঞ্চলসমূহৰ মূল্যায়ন আৰু পৰৱৰ্তী পৰ্যায়ৰ কাৰ্য্যসূচী প্ৰস্তুত কৰাৰ বাবে একাধিক অঞ্চলত ইতিমধ্যে বিশদ ভূমি জৰীপ কাৰ্য্য চলি আছে। তেখেতে স্পষ্টভাৱে জনাই দিয়ে যে, দোয়াং সংৰক্ষিত বনাঞ্চলৰ মেৰাপানীৰ নেঘেৰিবিল অঞ্চলত অবস্থিত ২০৫টা পৰিয়ালক উচ্ছেদৰ বাবে জাননী জাৰি কৰা হৈছে, আৰু অহা ৮ আগষ্টৰ পৰা এই উচ্ছেদ কাৰ্য্য আৰম্ভ হ’ব।
সৰুপথাৰ বিধায়ক বিশ্বজিৎ ফুকনে ঘোষণা কৰে যে, ৩ আগষ্টত দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চলৰ কিছু অংশত পুনৰ উচ্ছেদ অভিযান চলিব, বিশেষকৈ ৩ নম্বৰ গেলাজান আৰু ৰাজাপুখুৰী অঞ্চলসমূহক লক্ষ্য কৰি। তেওঁ মাননীয় মুখ্যমন্ত্ৰী, বিশেষ মুখ্য সচিব, গোলাঘাট জিলা প্ৰশাসন, আৰু নাগালেণ্ড চৰকাৰৰ সমন্বিত সহায়ৰ বাবে গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে উল্লেখ কৰে যে, ৰেংমা সংৰক্ষিত বনাঞ্চলখনে ভবিষ্যতে ইকো-টুৰিজমৰ এক অন্যতম গন্তব্যস্থান হিচাপে পৰিগণিত হ’ব, আৰু এই অভিযান অবৈধ কার্যকলাপ ৰোধৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
গোলাঘাট জিলা আয়ুক্ত পুলক মহন্তই কয় যে, সংশ্লিষ্ট সকলো বিভাগৰ সমন্বিত প্ৰচেষ্টাৰ ফলত এই প্ৰথম পৰ্যায়ৰ অভিযান শান্তিপূৰ্ণ আৰু সুফলমণ্ডিত হৈ উঠিছে। তেওঁ লগতে কয় যে, ভূমি পৰ্যায়ৰ পৰ্যবেক্ষণ আৰু সুচিন্তিত ক্ষেত্ৰ পৰ্যায়ৰ পৰিকল্পনাই এই সফলতা নিশ্চিত কৰাৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰিছে।
জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৰাজেন সিঙে সমগ্ৰ অভিযান চলাকালত আইন-শৃংখলা বজাই ৰাখিবলৈ চি.আৰ.পি.অফ আৰু অসম আৰক্ষীসহ সকলো আইন প্ৰয়োগকাৰী সংস্থাক প্ৰশংসা জনায়। তেওঁ সদৰী কৰে যে, অভিযানৰ পূৰ্বে এই অঞ্চলসমূহত অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ আৰু নিষিদ্ধ সামগ্ৰী উদ্ধাৰ কৰা হৈছিল, লগতে কিছুমান সন্দেহজনক ব্যক্তিক গ্ৰেপ্তাৰো কৰা হৈছে, যিয়ে উচ্ছেদ অভিযানৰ প্ৰয়োজনীয়তা আৰু সফলতা অধিক শক্তিশালী কৰি তোলে।
বিশেষ মুখ্য সচিব এম কে যাদৱ, আৰক্ষী মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিং, প্ৰধান মুখ্য বন সংৰক্ষক , জিলা আয়ুক্ত পুলক মহন্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৰাজেন সিংকে ধৰি আৰক্ষী, বন বিভাগ আৰু জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলৰ নেতৃত্বত সমগ্ৰ অভিযান সুচাৰুৰূপে সম্পন্ন হয়।
পুনৰ উদ্ধাৰ কৰা বনভূমিসমূহক এতিয়া বনানীকৰণ আৰু প্ৰাকৃতিক বাসস্থান পুনৰুদ্ধাৰ কাৰ্যসূচীৰ অধীনত আনা হ’ব। লগতে, ভবিষ্যতে যিকোনো ধৰণৰ অবৈধ অধিক্ৰমন ঘটিলে, বন সংৰক্ষণ আইন অনুসৰি কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি চৰকাৰৰ পৰা স্পষ্টভাৱে জনোৱা হৈছে।