উৰিয়ামঘাটৰ ৰেঙমা জলসিঞ্চন আঁচনি পৰ্যবেক্ষণ মন্ত্ৰী অশোক সিংহলৰ

0 225

অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি গোলাঘাট জিলা ভ্ৰমন কৰে। মন্ত্ৰী গৰাকীয়ে পুৱা বোকাখাটৰ শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইছিছ কাৰ্যক্ৰমৰ অধীনত চাৰিখন বিছনাযুক্ত ডায়েলাইছিছ ইউনিটৰ শুভাৰম্ভ কৰে। মন্ত্ৰী মহোদয়ে ইয়াৰ পাছতেই চিকিৎসালয়খনৰ পঞ্জীয়ন কক্ষ,ফাৰ্মাচী, পৰীক্ষাগাৰৰ নমুনা সংগ্ৰহ,অ পি ডি,প্ৰসুতিগৃহ আদি পৰিদৰ্শন কৰাৰ লগতে আন্তঃ বিভাগত ভৰ্তি হৈ থকা ৰোগীৰ স্বাস্থ্যৰ বুজ লৈ এখন সভাত অংশগ্ৰহন কৰি কয় যে এই চিকিৎসালয় খনে বোকাখাত সম জিলাকে ধৰি ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ প্ৰায় ২.৫ লাখ জনসাধাৰণক চিকিৎসা সেৱা প্ৰদানেৰে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে।কিডনী ৰোগী সকলৰ সৈতে জড়িত যি ডায়েলাইছিচ সেৱা আজি আমি শুভাৰম্ভ কৰিলো, এই সেৱাই অঞ্চলবাসীক বিপুলভাৱে উপকৃত কৰি স্বাস্থ্যখণ্ডক নতুন মাত্ৰা প্ৰদান কৰিব। তদুপৰি বোকাখাতৰ দৰে এটি বৃহত্তৰ অঞ্চলৰ বৃক্কৰ সমস্যাত আক্ৰান্ত ৰোগীসকলক এই কেন্দ্ৰটিয়ে বিশেষভাৱে উপকৃত কৰিব বুলি মোৰ দৃঢ়বিশ্বাস।সভাৰ অন্তত অসম চৰকাৰৰ কৃষি আৰু আবকাৰী বিভাগৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰাৰ উপস্থিতিত মন্ত্ৰীগৰাকীয়ে এখন বৈঠকত মিলিত হৈ চিকিৎসালয় খনৰ বিভিন্ন ব্যৱস্থাৱলী সম্পৰ্কে বুজ লয়। এই বৈঠকত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সঞ্চালক ডাঃ লক্ষ্মণন এছ, স্বাস্থ্য সঞ্চালক কমলজিত তালুকদাৰ,জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ বডিলাল দেউৰী উপস্থিত থাকে। উল্লেখযোগ্য যে, আহি পুৱাৰ ভাগত মন্ত্ৰী অশোক সিংহলে কহৰাস্থিত শ্বহীদ বিজু বৈষ্ণৱ আদৰ্শ চিকিৎসালয় পৰিদৰ্শন কৰিছিল।

ইয়াৰ পিছতেই মন্ত্ৰী অশোক সিংহলে খুমটাই আদৰ্শ চিকিৎসালয় পৰিদৰ্শন কৰে। এই পৰিদৰ্শনৰ সময়ত খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, জিলা আয়ুক্ত পুলক মহন্ত ,ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সঞ্চালক ডাঃ লক্ষ্মণন এছ আদিকে ধৰি বহুকেইজন শীৰ্ষ স্বাস্থ্য বিষয়া উপস্থিত থাকে।মন্ত্ৰীগৰাকীয়ে আজি বিয়লি গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়খনো পৰিদৰ্শন কৰে। চিকিৎসালয়খন পৰিদৰ্শনৰ পাছত মন্ত্ৰীগৰাকী এক বৈঠকত মিলিত হয় আৰু এই বৈঠকত গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ দিলীপ ডেকাই চিকিৎসালয়খনৰ কেইবাটাও সমস্যাৰ কথা মন্ত্ৰীগৰাকীক অৱগত কৰে। উল্লেখ্য যে, জিলা চিকিৎসালয়খন পৰিদৰ্শনৰ সময়ত অসম চৰকাৰৰ বিত্ত মন্ত্ৰী শ্ৰীমতী অজন্তা নেওঁগ, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সঞ্চালক ডাঃ লক্ষ্মণন এছ, স্বাস্থ্য সঞ্চালক কমলজিত তালুকদাৰ, জিলা আয়ুক্ত পুলক মহন্ত, যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ বডিলাল দেউৰী উপস্থিত থাকে।

ইয়াৰ পাছতেই মন্ত্ৰী জনে অসম নাগালেণ্ড সীমান্ত অঞ্চলৰ উৰিয়ামঘাটৰ ৰেংমা জলসিঞ্চন আঁচনি পৰিদৰ্শন কৰে। এই জলসিঞ্চন আঁচনিৰ বান্ধ সমূহৰ সুৰক্ষা ব্যৱস্থা, বিভিন্ন সমস্যা সম্পৰ্কে বিস্তৃত আলোচনা কৰা হয়।মন্ত্ৰী জনে ৰেংমা জলসিঞ্চন আঁচনিৰ অধীনত অহা ১৫ আগষ্টৰ দিনাৰ পৰা কৃষকক কেনেলৰ জৰিয়তে খেতি পথাৰত পানী প্ৰদান কৰিবলৈ বিভাগীয় কতৃপক্ষক নিৰ্দেশ প্ৰদান কৰে।উল্লেখযোগ্য যে মন্ত্ৰী অশোক সিংহলে সন্ধিয়া সৰুপথাৰ সম জিলা অসামৰিক চিকিৎসালয়খন পৰিদৰ্শন কৰে আৰু চিকিৎসক তথা চিকিৎসক কৰ্মী সকলৰ লগত আলোচনাত সন্মিলিত হৈ চিকিৎসা সেৱাৰ সুবিধা সমূহক উন্নতিৰ দিশত আগবঢ়াই নিবলৈ সকলোকে প্ৰচেষ্টা লবলৈ আহ্বান জনাই।আজিৰ এই অনুষ্ঠানত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সঞ্চালক ডাঃ লক্ষ্মণন এছ আদিকে ধৰি প্ৰমুখ্যে গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.