লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৭৫ সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে আজি কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত লোক কল্যাণ দিৱস উদযাপন কৰা হয়।এই উপলক্ষে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সমাধিস্থলী নৱগ্ৰহ শ্মশানত আয়োজিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন ইত্যাদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে মুখ্য অতিথি হিচাপে উপস্থিত থাকি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্ত্তিত পুষ্পাঞ্জলি অৰ্পন কৰে । ভাৰত মাতৃৰ সুযোগ্য সন্তানগৰাকীলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ বাবে আজি আমি অসমীয়া হিচাপে নিজকে চিনাকি দিব পাৰিছো । এনে এগৰাকী অতুলনীয় ব্যক্তিৰ আদৰ্শ আমি সকলোৱে অনুকৰণ কৰিব লাগে । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা সৰ্বধৰ্ম প্ৰাৰ্থনা সভাত কস্তুৰবা সেৱা আশ্ৰমৰ সেৱিকাসকলে গীতা আৰু উপনিষদ , মোস্তাকিম নাজিৰিয়ে কোৰাণ পাঠ, ভগত সিঙে শিখ ধৰ্মীয় গ্ৰন্থ ,ক্ষেমানন্দ ভিক্ষুয়ে ত্ৰিপিটক আৰু দ্বীপেন বড়োৱে বাইবেল পাঠ কৰে।আজিৰ এই অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেণ শৰণীয়া , উপাধ্যক্ষ ধীৰা তালুকদাৰ, মহকুমা দণ্ডাধীশ কংকন শৰ্মা ,লোকপ্ৰিয়গৰাকীৰ পুত্ৰ বলিন বৰদলৈ তথা পৰিয়ালবৰ্গ আৰু জিলা প্ৰশাসনৰ বিষয়া -কৰ্মচাৰীসকল উপস্থিত থাকে।
Trending
- এয়াৰটেলৰ সৈতে ইউটিউবৰ অংশীদাৰিত্ব: প্ৰিপেইড গ্ৰাহকৰ বাবে ইউটিউব প্ৰিমিয়ামৰ সুবিধা
- পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ১২ খনতকৈ অধিক যাত্ৰীবাহী ৰে’ল বৈদ্যুতিক ট্রেকচনলৈ পৰিবৰ্তন
- সতৰ্কতা সজাগতা অভিযানত পথিকৰ উদ্যোগত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপ চেণ্টাৰত বাটৰ নাট প্ৰদৰ্শন
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য