বিটিচি নিৰ্বাচন, ২০২৫-ৰ বাবে আজি মনোনয়নপত্ৰ দাখিলৰ অন্তিম দিনা তামুলপুৰ জিলাৰ ৫টা পৰিষদীয় সমষ্টিৰ ২১গৰাকী প্ৰাৰ্থীয়ে মনোনয়নপত্ৰ দাখিল কৰিছে। আজি জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত ২৬-দৰঙাজুলি সমষ্টিৰ ২গৰাকী প্ৰাৰ্থী, ক্ৰমে বিজিতগৌৰা নাৰ্জাৰী (বিজেপি) আৰু ছেজন গয়াৰী (ভাৰতীয় জাতীয় কংগ্ৰেছ)-য়ে মনোনয়নপত্ৰ দাখিল কৰে। জিলা আয়ুক্ত কাৰ্যালয়ত ২৭-নাগ্ৰীজুলি সমষ্টিৰ ৭গৰাকী প্ৰাৰ্থী, ক্ৰমে কৃষ্ণ পোদ্দাৰ (নিৰ্দলীয়), লখি দাস (বিজেপি), নীলমণি ৰাজবংশী (নিৰ্দলীয়), তৰুণ বিশ্বাস (সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ), থানেশ্বৰী দাস (ভিপিআই), উদয় বিশ্বাস (ভাৰতীয় জাতীয় কংগ্ৰেছ) আৰু উত্তম দাস (বিপিএফ)-য়ে মনোনয়নপত্ৰ দাখিল কৰে। তামুলপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ২৮-গয়বাৰী সমষ্টিৰ এগৰাকী প্ৰাৰ্থী জোনমণি ৰাভা (ভিপিআই)-ই মনোনয়নপত্ৰ দাখিল কৰে। জিলা আয়ুক্ত কাৰ্যালয়ত ২৯-শুক্লাই ছেৰফাং সমষ্টিৰ ৪গৰাকী প্ৰাৰ্থী, ক্ৰমে ৰণেন্দ্ৰ নাৰ্জাৰী (বিজেপি), ৰূপন বসুমতাৰী (ভিপিআই), সুন্দৰ বড়ো (এন আৰ এম পি আই) আৰু সুৰজিৎ বসুমতাৰী (ভাৰতীয় জাতীয় কংগ্ৰেছ)-য়ে মনোনয়নপত্ৰ দাখিল কৰে। একেদৰে গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত ৩০-গোৰেশ্বৰ সমষ্টিৰ ৭গৰাকী প্ৰাৰ্থী, ক্ৰমে ভবেন্দ্ৰ নাথ স্বৰ্গীয়াৰী (ভাৰতীয় জাতীয় কংগ্ৰেছ), বিজুলী নাৰ্জাৰী (ভিপিআই), বিপুল কুমাৰ বসুমতাৰী (ইউ পি পি এল), দেৰহাছাৰ নাৰ্জাৰী (বিজেপি), কুশল বড়ো (নিৰ্দলীয়), ললিত চন্দ্ৰ ডেকা (নিৰ্দলীয়) আৰু ৰবীন চন্দ্ৰ বড়ো (নিৰ্দলীয়)-ৱে মনোনয়নপত্ৰ দাখিল কৰে। জিলাখনৰ পাঁচোটা সমষ্টিৰ মুঠ ৪১গৰাকী প্ৰাৰ্থীয়ে এইবাৰৰ পৰিষদীয় নিৰ্বাচনৰ বাবে মনোনয়নপত্ৰ দাখিল কৰিছে। উল্লেখ্য যে ৪ ছেপ্টেম্বৰত মনোনয়নপত্ৰসমূহ পৰীক্ষা কৰা হ’ব।
Trending
- এয়াৰটেলৰ সৈতে ইউটিউবৰ অংশীদাৰিত্ব: প্ৰিপেইড গ্ৰাহকৰ বাবে ইউটিউব প্ৰিমিয়ামৰ সুবিধা
- পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ১২ খনতকৈ অধিক যাত্ৰীবাহী ৰে’ল বৈদ্যুতিক ট্রেকচনলৈ পৰিবৰ্তন
- সতৰ্কতা সজাগতা অভিযানত পথিকৰ উদ্যোগত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপ চেণ্টাৰত বাটৰ নাট প্ৰদৰ্শন
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য