সাধাৰণ লোকৰ জমা ধন, বেংকৰ পৰা বিভিন্ন কাৰণত নোহোৱা হোৱা খবৰে বিগত কিছু দিন ধৰি শিৰোনামা দখল কৰি থকা দেখা গৈছে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্ন চৰকাৰী অনুষ্ঠান আৰু বেংক সমূহে সজাগতা কৰাৰ চেষ্টা কৰিছে। কোনো অজান ব্যক্তিৰ পৰা অহা ফোনত বিভিন্ন লোভনীয় পুৰস্কাৰৰ খবৰ দি বেংক একাউণ্টৰ অ টি পিলৈ টকা লুটি লৈ যোৱাৰ লগতে সৰ্বস্বান্ত হোৱা খবৰ বোৰৰ পৰা হাত সাৰিব পৰাকৈ সজাগতাৰ বাবে অসমৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান পথিকে সতৰ্কতা সজাগতা সপ্তাহ অভিযানৰ লগত সংগতি ৰাখি আৰম্ভ কৰিছে বাটৰ নাট প্ৰদৰ্শনৰ ব্যৱস্থা । ভাৰতীয় ষ্টেট বেংক চমুকৈ এছ বি আইৰ সহযোগত অসমৰ বিভিন্ন জিলাত এলানি বাটৰ নাট কাৰ্য্যসূচী হাতত লৈছে। ইয়াৰে প্ৰথমটো কাৰ্য্যসূচী গুৱাহাটীৰ কাষৰীয়া নমমাইলৰ আমেৰিগোগস্থিত চি আৰ পি এফৰ গ্ৰুপ চেণ্টাৰ চৌহদত ২৩ অক্টোবৰত সন্ধিয়া বাটৰ নাট প্ৰদৰ্শন কৰা হয়। এছ বি আইৰ পৰিচালন সঞ্চালক তথা মূখ্য সতৰ্কতা বিষয়া অজিত কুমাৰ ৰথ, গুৱাহাটী ক্ষেত্ৰৰ নেটৱৰ্ক মহা প্ৰবন্ধক আব্ৰাহাম ছিলভা, মহা প্ৰবন্ধক তথা অতিৰিক্ত সতৰ্কতা বিষয়া বিক্ৰম ত্ৰিপাঠী, বাণিজ্য আৰু কাৰ্যবাহী উপ মহা প্ৰবন্ধক সংগীতা ভাস্কৰ এম, চি টি পি এফৰ গ্ৰুপ চেণ্টাৰৰ উপ মহা পৰিদৰ্শক অনিল কুমাৰ ধীয়ানি , গুৱাহাটী ক্ষেত্ৰৰ উপ মহা পৰিদৰ্শক মহম্মদ জামাল খান আৰু দুই শতাধিক বিষয়া – জোৱান আৰু ৰাইজৰ উপস্থিতিত পথিকৰ সদস্য সকলে অসমীয়া আৰু হিন্দী দুয়োটা ভাষাত প্ৰস্তুত কৰা বাটৰ নাটখন প্ৰদৰ্শন কৰে। পথিকৰ এই বাটৰ নাটখনৰ পাছত এছ বি আই আৰু চি আৰ পি এফৰ বিষয়াসকলে বিশেষভাৱে পথিকৰ দলটোৰ কলাকুশলী সকলক ৰাজহুৱাভাবে প্ৰশংসা কৰি অভিনন্দন জনায়।
Trending
- এয়াৰটেলৰ সৈতে ইউটিউবৰ অংশীদাৰিত্ব: প্ৰিপেইড গ্ৰাহকৰ বাবে ইউটিউব প্ৰিমিয়ামৰ সুবিধা
- পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ১২ খনতকৈ অধিক যাত্ৰীবাহী ৰে’ল বৈদ্যুতিক ট্রেকচনলৈ পৰিবৰ্তন
- সতৰ্কতা সজাগতা অভিযানত পথিকৰ উদ্যোগত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপ চেণ্টাৰত বাটৰ নাট প্ৰদৰ্শন
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য