মহানতা, পৰোপকাৰী গুণেৰে এজন ব্যক্তিক কিদৰে উচ্চ আসনত অধিষ্ঠিত কৰিব পাৰে তাৰ উদাহৰণ আপুনি সদায় দেখিয়ে থাকে।আজি এনে এজন ব্যক্তিৰ বিষয়ে জনাবলৈ লৈছো, তেখেতে ৰিক্সা চলাইয়ে প্ৰতিষ্ঠা কৰিছে ৯ খনকৈ স্কুল। শুনাত আচহুৱা যেন লাগিলেও কৰিমগঞ্জ জিলা ভুৰুংগা পঞ্চায়তৰ আলি আহমেদ নামৰ ব্যক্তিজনে এনে মহৎ প্ৰচেষ্টাত ব্ৰতী হৈছে। এই সম্পৰ্কে আলী আহমেদ Nefocus.com ক এনেদৰে কয় – মই ১৪ বছৰে ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰিছিলো। আমাৰ অঞ্চলৰ ল’ৰা-ছোৱালী বিলাকে শিক্ষানুষ্ঠানৰ বাবে বহুতো হাৰাশাস্তিৰ সন্মুখীন হ’ব লগা হৈছিল। বাট কুৰি বায় বিভিন্ন ঠাইলৈ যেতিয়া শিক্ষা গ্ৰহণ কৰিবলৈ গৈছিল। বহুতো অসুবিধাৰ সন্মুখীন হৈছিল। সেয়েহে অঞ্চলটোৰ ভৱিষ্যত প্ৰজন্মৰ প্ৰতি লক্ষ্য ৰাখি ৩২ বিঘা মাটিত স্কুল প্ৰতিষ্ঠাৰ বাবে দান কৰিছো। মোৰ স্কুলত পঢ়া ছাত্ৰ- ছাত্ৰী এতিয়া ডাক্তৰ, ইঞ্জিনিয়াৰ। সেয়েহে মই অত্যন্ত সুখী। উল্লেখযোগ্য যে আলী আহমেদৰ বয়স বৰ্ত্তমান ৮০ বছৰ। তেখেতে এই বয়সতো আৰু এখন স্কুল নকৈ প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনা আছে। নিস্বাৰ্থ ভাৱে সমাজলৈ সেৱা আগবঢ়োৱা আলী আহমেদক Nefocus.comৰ পৰা জনাইছো বহু অভিনন্দন।
Trending
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত