চেণ্টেল বেণ্ড ডট নিউ মুকলি

0 250

আজি চেণ্টেল বেণ্ড ডট নিউ নামৰ এটা শ্বপিং মল মুকলি হয়। জুৰোড অৱস্থিত ফিউচাৰ গ্ৰুপৰ এই মলটো আনু্ষ্ঠানিক ভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। চেণ্টেল বেণ্ড ডট নিউ উদ্ধধনৰ উপলক্ষে আয়োজন কৰা সংবাদমেলত ফিউচাৰ গ্ৰুপৰ চি ই অ’ কিশোৰ বিয়ানীয়ে কয় যে শেহতীয়াকৈ টেণ্ডত থকা বিভিন্ন সা-সামগ্ৰী এই শ্বপিংমলটোত উপলব্ধ হ’ব। সমগ্ৰ উত্তৰ পূবত ফিউচাৰ গ্ৰুপৰ ৪১ঠাইত শ্বপিংমল আছে। এডভাণ্টেজ আছামত দিয়া প্ৰতিশ্ৰুতি অনুসৰি এনে মল স্থাপনৰ সুবিধা পাও।

গুৱাহাটীত পদপথ নিৰ্মাণৰ বাবে আমাৰ গ্ৰুপে চিন্তা -চৰ্চা কৰি আছে। অতি সোনকালে ফুড ফেক্টৰী নিৰ্মাণ কৰা হ’ব। উল্লেখযোগ্য যে ফিউচাৰ গ্ৰুপৰ বিগ বজাৰ, এফ বিবি, পেণ্টালুনকে আদি কৰি বহুতো প্ৰতিষ্ঠান অসমত আছে। সংবাদ মেলখনত ফিউচাৰ গ্ৰুপৰ বিষ্ঞু প্ৰসাদ, মনিষ আগৰৱালা উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.