সদৌ অসম সাহিত্য সন্মিলনে এই বৰ্ষৰ ‘অসম অভিনয় ৰত্ন’ বঁটা আন্ত: ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অভিনেতা অসম সন্তান আদিল হুছেইনলৈ ।অসমৰ সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰলৈ আগবঢ়োবা ব্যক্তিলৈ এই বঁটা প্ৰদান কৰা হয় বুলি জানিবলৈ দিয়ে। আনহাতে সন্মিলনীৰ সম্পাদক অবিনাশ শৰ্মাই জনায় যে গোৱালপাৰা জিলাত জন্ম গ্ৰহণ কৰি নাট্য চৰ্চাৰ মাজেৰে বলিউদ আৰু হলিউদত নিজস্ব আসন দখল কৰি অসমৰ নাম গৌৰাম্বিত কৰিছে । ‘হোৱাট উইল পিপ’ল চে’ শীৰ্ষক ছবিৰে নৰবেৰ ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত আমান্দা বঁটা লাভ কৰিবলৈ সক্ষম হোৱা আদিল হুছেইনৰ উক্ত ছবি খন বিশ্বৰ চলচিত্ৰ নিৰ্মাতা,শিল্পী,কলা-কুশলীৰ স্বপ্নৰ ‘অস্কাৰ ’ৰ দৌৰত অবতীৰ্ণ হৈছে ।এইয়া অসমৰ সাংস্কৃতিক জগতৰ বা সুখবৰ । সেয়েহে অভিনয় জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে আদিল হুছেইনক এই বঁটাৰ বাবে মনোনীত কৰা হৈছে। বৰ্তমান আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত সক্ৰিয়তাৰে শিল্পী গৰাকী জড়িত । পৰবৰ্তী সময়ত ৰাজ্যলৈ অহাৰ সময়ত ‘অভিনয় ৰত্ন বঁটা’ প্ৰদান কৰা হ’ব । উল্লেখ্য যে ২০১৭ বৰ্ষৰ ৫ নবেম্বৰত অসম অভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত ১৯ সংখ্যক উত্তৰ -পূৱ গ্ৰন্হ মেলা বাকৰিত অসম কবি মহোৎসৱৰ মঞ্চত সদৌ অসম সাহিত্য সন্মিলনে হাৰ্ট-থ্ৰব জুবিন গাৰ্গক প্ৰদান কৰিছিল ‘অসম সংগীত ৰত্ন বঁটা’ ।
Trending
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ