এতিয়া আৰু গোপনে নাৰাখিবা

0 249

প্ৰেম ,ভালপোৱাৰ সম্পৰ্ক বিলাক প্ৰাকৃতিক। কিন্তু আমাৰ সমাজ ব্যৱস্থাত আজিও এই সম্পৰ্কবিলাক অবৈধ। একমাত্ৰ বিবাহৰ জৰিয়তে কোনো সম্পৰ্কই বৈধ বুলি স্বীকৃতি পায় যদিও বিবাহৰ পিছত কাৰোবাৰ লগত সম্পৰ্ক হ’লে অপৰাধ হৈ পৰে। এইক্ষেত্ৰত বিশেষকৈ এগৰাকী নাৰীক পুৰুষৰ তুলনাত বেছি অপৰাধী বুলি সমাজে গণ্য কৰে। আনহাতে, এজন পুৰুষে যদি ভুল কৰে সমাজৰ স্বাৰ্থত নাৰীগৰাকীয়ে সকলো সহি থাকিবলগীয়া হয়। সেয়েহে মাজে মাজে শুনা পাওঁ, আমাৰ সমাজ ব্যৱস্থা যদি পশ্চিমীয়া ব্যৱস্থাৰ দৰে হ’লহেতেন তেনেহ’লে আজি ইমান খিনি নহ’লহেতেন! আজি এই প্ৰসংগটো চ’চিয়েল মেডিয়াত ব্যাপক চৰ্চা হৈছে। কিয়নো বিবাহিত নাৰী সকলৰ সন্মানক মৰ্য্যদা প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে ঘোষণা কৰে যে, নিৰ্যাতিত বিবাহিত মহিলাৰে কোনো পুৰুষে পাৰস্পৰিক বুজাবুজিৰে সম্পৰ্ক কৰিলে অপৰাধ হিচাপে গণ্য কৰা নহ’ব। এই ঘোষণাৰ পিছত সমগ্ৰ দেশতে মহিলা সকলৰ মাজত আনন্দৰ বন্যা বৈছে। এই সম্পৰ্কে আমি কথা পাতিছিলো বিশিষ্ট সাংবাদিক মাইনী মহন্তৰ সৈতে- তেখেতে এই সম্পৰ্কত এনেদৰে কয়, মনু সংহিতাৰ দিনৰ পৰা ভাৰতীয় নাৰীসকলক পুৰুষৰ সম্পত্তি হিচাপে গণ্য কৰা এটা ব্যৱস্থা আছিল আৰু বৰ্তমান সময়ত সচেতন ব্যক্তি সকলে উপলব্ধি কৰি এই ৰায়দান কৰিছে। সেয়ে মই আদৰণি জনাইছো। বিবাহ বৰ্হিভূত সম্পৰ্কক অপৰাধ বুলি গন্য কৰাটো অন্যায় আছিল। এইক্ষেত্ৰত সমতাৰ প্ৰতিষ্ঠাৰ এক পদক্ষেপ বুলি ক’ব পাৰি।

আনহাতে অধিবক্তা, সমাজকৰ্মী জোনমণি দেৱী খাউণ্ডে মন্তব্য কৰে যে এই ৰায়দানে বিবাহৰ সম্পৰ্কক বন্ধুত্বৰ সম্পৰ্কলৈ পৰিণত কৰিলে। নাৰী আৰু পুৰুষৰ মাজত সমতা প্ৰতিষ্ঠা হৈছে আৰু এই ৰায়দানক মই আদৰণি জনাইছো। এনেধৰণৰ ৰায়দানে সমাজত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি নিসন্দেহে ক’ব পাৰি।

Leave A Reply

Your email address will not be published.