ইণ্টাৰনেটে সমগ্ৰ বিশ্বখনৰ একাংশ প্ৰজন্মক ব্যস্ত কৰি ৰখাৰ সময়তে নলবাৰী জিলাৰ বিহামপুৰৰ প্ৰেৰণা পুথিভঁৰালে অঞ্চলটোত এক বৌদ্ধিক আন্দোলনৰ সূচনা কৰিছে।আজিৰ পৰা১৮বছৰৰ আগতে দ্বীজেন্দ্ৰ নাৰায়ণ শৰ্মাই প্ৰেৰণা পুথিভঁৰাল আৰম্ভ কৰিছিল। অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি আৰম্ভ কৰা এই পুথিভঁৰালটোত বৰ্তমান প্ৰায় ১৫০০০ খনগ্ৰন্থ সংগৃহিত হৈ আছে। প্ৰতি ৰবিবাৰে প্ৰেৰণা পুথিভঁড়ালত ছাত্ৰ ছাত্ৰী সকলৰ মাজত কুইজ,বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয়।জানিব পৰা মতে এতিয়ালৈকে প্ৰায়২০০০ দুখীয়া ছাত্ৰ -ছাত্ৰীক গ্ৰন্থ যোগান ধৰিছে।পুথিভঁৰালটো পৰিচালনাৰ বাবে এখন কমিটি আছে। ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা প্ৰেৰণা পুথিভঁড়াল হাজাৰজনৰ প্ৰেৰণাৰ উৎস হৈ ৰওক।
Trending
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon
- আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চিংক্লি কলনীৰ জসুবুৰা লেক – মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্যটকক
- অসমৰ ২০টা গুৰুত্বপূর্ণ স্থানত বিশেষ মক ড্ৰিল
- পঞ্চায়ত নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা প্ৰিজাইডিং, পলিং বিষয়া- কাইলৈ কামৰূপ মহানগৰ জিলাৰ ২৬৬ টা কেন্দ্ৰত ভোটগ্ৰহণ