উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণীয় চিমেণ্ট উদ্যোগ টপচেম চিমেণ্টে বিভিন্ন সময়ত সামাজিক দায়বদ্ধতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। ইয়াৰে অংশস্বৰূপে মিছন স্মাইল শীৰ্ষক এক চৰকাৰী পঞ্জীকৃত চিকিৎসা ন্যাসৰ সহযোগিতাত ২৪ গৰাকী ৰোগীক বিনামূলীয়াকৈ ক্লেফ্ট অস্ত্ৰোপচাৰৰ সুবিধা প্ৰদান কৰে। এই ক্ষেত্ৰত গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ে সেৱা আগবঢায়। এই মন্তব্য কৰে মেঘালয় চিমেণ্ট লিমিটেডৰ ক্ৰয় আৰু বিপণন বিভাগৰ অধ্যক্ষ ড৹ অনিল কাপুৰে। আজি মহানগৰীৰ হোটেল প্ৰগতি মেনৰত আয়োজন কৰা এক সংবাদ মেলত এই কথা সদৰী কৰে। এই সন্দৰ্ভত টপচেম চিমেণ্টৰ সঞ্চালক বজৰং লোহিয়াই কয় যে সমাজৰ বাবে কিবা এটা কৰিব পৰাটো উদ্যোগিক সামাজিক দায়বদ্ধতাৰে অংশ আৰু সমাজ উত্তৰণৰ ক্ষেত্ৰত আমি সদায়েই প্ৰতিশ্ৰুতিবদ্ধ।উল্লেখযোগ্য যে ইতিপূৰ্বেও টপচেম চিমেণ্টে সমাজৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। সংবাদ মেলখনত কৰ্ণেল শিবাজী চামাদ্দাৰ লগতে বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে।
Trending
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী