অসম্ভৱক সম্ভৱ কৰিলে নৱনীতাই

0 242

সেউজ পৰিবেশক ভালপাই সেউজীয়াৰ মাজতে জীৱনৰ জয়গান ৰচা এগৰাকী যুৱতী।ব্যৱহাৰিক শিক্ষা তথা কামেও তলাব নোৱাৰিছিল যুৱতী গৰাকীক। কিয়নো যুৱতীগৰাকীয়ে কেতিয়াবাই সেউজীয়াৰ প্ৰেমত পৰিছিল।সেয়ে স্থিৰ কৰিছিল কৃষিকৰ্মৰ যোগেদি স্বাৱলম্বীতাৰ সপোন ৰচিব।
কথা মতেই কাম। আন দহজনী ছোৱালীয়ে নকৰা কাম এটা কৰিবলৈ যাওতে যুৱতী গৰাকীয়ে বহুতো অসুবিধাৰ সন্মুখীন হৈছিল। বহুতে উপহাস কৰিছিল -ছোৱালীজনী পাগল হ’ল !কিন্তু দৃঢ়মনা যুৱতীগৰাকীয়ে সময়ক সাৰথি কৰি আগবাঢ়িল। অৱশেষত তাই জয়ী হ’ল। প্ৰিয় পাঠক, আপোনালোকক জনাই আছো যোৰহাট পটিয়া গাঁৱৰ নৱনীতা দাসৰ বিষয়ে।ভিনিয়েকে কৰা খেতি চাই অনুপ্ৰাণিত হোৱা নৱনীতাই প্ৰথমে অকলেই ৬ বিঘা মাটিত খেতি কৰিলে। এই বিষয়ে নৱনীতাই আমাক এনেদৰে কয়-ভিনিদেউৰ খেতি চাই অনুপ্ৰাণিত হৈছিলো। প্ৰথমে নিজেই খেতি কৰিব শিকিছিলো। মই ভাবো অভিজ্ঞতা হ’লেহে বেলেগক কামত লগাব পৰা যায়। সেয়ে নিজেই খেতি কৰিছিলো। এই ক্ষেত্ৰত ঈশ্বাদ আলী ছাৰে মোক যথেষ্ট সহায় কৰিছিল।বজাৰ দখলৰ ক্ষেত্ৰতো বৰ বিশেষ অসুবিধা হোৱা নাছিল। মৌখিকভাৱে বহুতো মানুহে জানিছিল। উল্লেখযোগ্য যে নৱনীতা দাসে বিভিন্ন ধৰণৰ খেতিৰ লগত জৰিত থকাৰ উপৰিও নাৰ্চাৰী আৰু হাঁহ কুকুৰা পালনৰ লগত জৰিত হৈ আছে। নৱনীতা এনে কামক উৎসাহিত কৰাৰ বাবে বিভাগীয় চৰকাৰৰ সহযোগত এটা মিঠাতেলৰ উদ্যোগ স্থাপন কৰি দিয়ে। নৱনীতাৰ এনে কৰ্মৰ স্বীকৃতি স্বৰূপে বহুকেইটা ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হ’ল। বৰ্তমান নৱনীতাই সাতটা পৰিয়ালক স্বাৱলম্বী কৰি তুলিছে।নৱনীতাৰ আশা ভৱিষ্যতে যেন এনে আৰু বহু পৰিয়ালক কৰ্মসংস্থাপন দিব পাৰে। নৱনীতাৰ আশা বাস্তৱায়িত হওক এন ই ফ’কাচ ডট কমৰ ফালৰ পৰা বহু শুভকামনা থাকিল।

Leave A Reply

Your email address will not be published.