দান উৎসৱ উদযাপন

0 278

দক্ষিণ কামৰূপৰ কেইজনমান উদ্যমী যুৱকৰ প্ৰচেষ্টাৰ গঠন হোৱা “আকাংশা অসমে” জন্ম লগ্নৰে পৰা বিভিন্ন সময়ত সামাজিক মূলক কাম কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। এইবাৰো স্বেচ্ছাসেৱী সংগঠন “আকাংশা অসম”ৰ উদ্যোগত ২ অক্টোবৰ পৰা ৮ অক্টোবৰলৈ দান উৎসৱ উদযাপন কৰে । সপ্তাহ জুৰি উদযাপন কৰা দান উৎসৱ স্বেচ্ছাসেৱী সংগঠনটো বিষয়-ববীয়া, সদস্যসকলে দক্ষিণ কামৰূপৰ চৰকাৰী-বেচৰকাৰী, অনুষ্ঠান-প্ৰতিষ্ঠানত গৈ বিষয়া তথা জ্যেষ্ঠজনক সন্মান জনোৱাৰ লগতে সপ্তাহজুৰি উদযাপন কৰা দান উৎসৱৰ অংশ হিচাপে স্বচ্ছ ভাৰত অভিযান, খোৱা পানী বিতৰণ, অনাথ আশ্ৰমত সাংস্কৃতিক অনুষ্ঠান, ভাৰতীয় সেৱক ধন্যবাদ পত্ৰ প্ৰদান, কাপোৰ বিতৰণ, অন্ন দান আদিকে ধৰি বিভিন্ন কাৰ্য্যসূচী ৰূপায়ণ কৰে। উক্ত কাৰ্যসূচীত স্বেচ্ছাসেৱী সংগঠনটো সমূহ সদস্যই অংশ গ্ৰহণ কৰে। উল্লেখ্য যে, স্বেচ্ছাসেৱী সংগঠন আকাংশা অসম এনেধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা বাবে সচেতন লোকসকলে ধন্যবাদ জ্ঞাপন কৰিছে।খবৰ যুগুতালে জিতুমণি দাসে

Leave A Reply

Your email address will not be published.