পূজা সমাগত।সকলোৱে ব্যস্ততা বাঢ়িছে। পূজা কমিটিবোৰৰ পৰা আদি কৰি খনিকৰজনলৈকে সকলো ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে।ইয়াৰ সমান্তৰালভাৱে ব্যৱসায়ীসকল ব্যস্ত হৈ পৰিছে ।কাৰণ বজাৰত মানুহৰ ভিৰ বাঢ়িছে ।ব্যৱসায় প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলে সেয়ে চুটি নোপোৱা হৈছে অথবা অভাৰ টাইম ডিউটী কৰিব লগা হৈছে।মানুহৰ ভিৰৰ বাবেই পদপথত নানা খুচুৰা ব্যৱসায় গঢ়ি উঠিছে। ফেন্সি বজাৰত উপস্থিত হৈ ব্যৱসায় প্ৰতিষ্ঠান কেইখনত বিক্ৰীৰ সম্পৰ্কে জানিবলৈ বিচৰাত এজন ব্যৱসায়ীয়ে এইদৰে মন্তব্য কৰে-আমাৰ ইয়াত পুৰুষৰ পোছাকতকৈ মহিলাৰ পোছাক যথেষ্ট ক্ৰয় হৈছে। গ্ৰাউণ্ড,কু্ৰ্টি,লং স্কাৰ্ট আদি এইবাৰ ফেশ্বনত আহিছে। সমান্তৰালভাৱে শাৰী আৰু চাদৰ মেখেলাও ক্ৰয় কৰিছে। পুৰুষৰ পোছাকৰ ভিতৰত চাৰ্ট,কুৰ্টা আদিবোৰ ক্ৰয় কৰিছে।আনহাতে একাংশই ঠাণ্ডা দিন অহাৰ বাবে ঠাণ্ডাৰ পোছাক ক্ৰয় কৰা পৰিলক্ষিত হৈছে।শ্বংপি মল বিলাকতো গ্ৰাহকৰ সমাগত বঢ়াৰ পৰিলক্ষিত হৈছে।
Trending
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা