কলাক্ষেত্ৰত অনুষ্ঠিত হৈ থকা দ্বিতীয় গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱৰ আজি তৃতীয় দিন।যোৱা বাৰৰ দৰে এইবাৰো অনুষ্ঠিত হ’ল চলচিত্ৰ আৰু চলচিত্ৰৰ ভৱিষ্যতৰ সম্পৰ্কে আলোচনা কৰা কিছু দিশ । আজি তৃতীয় দিনা চলচিত্ৰ ডিষ্টিবিউচনৰ সম্পৰ্কে এক পৰ্য্যালোচনা অনুষ্ঠিত হয়। পৰ্য্যালোচনাত অংশ লৈ চলচিত্ৰ প্ৰযোজক শ্বাহনাব আলমে কয় যে কেৱল চিনেমা আৰু সংগীতেহে অসমীয়া ভাষাক সন্তুলন কৰি ৰখাত প্ৰভূত অৰিহণা যোগাব ।মই ভাবো, চিনেমা এখন নিৰ্মাণৰ সমান্তৰালভাৱে চিনেমা ব্যৱসায়িক দিশ তথা সময়ক গুৰুত্ব দিয়াটো অত্যন্ত প্ৰয়োজনীয় ।আলোচনাত অংশ লৈ প্ৰসিদ্ধ চলচিত্ৰ নিৰ্মাতা মতিউৰ ৰয়ে কয় যে ঠাই বিশেষে চিনেমা প্ৰমোচনৰ অথবা ৰিলিজ পদ্ধতিটো সুকীয়া।উদাহৰণ স্বৰূপে আমেৰিকাত সকলো ঠাইতে একে সময়তে চিনেমা ৰিলিজ নকৰে।উল্লেখযোগ্য যে আলোচনা চক্ৰ খনত চিনেমাৰ ডিষ্টিবিউচনৰ সম্পৰ্কে বিভিন্ন দিশ উন্মোচিত হয় ।তাৰ ভিতৰত এমাজন প্ৰাইম, হট ষ্টাৰ অন্যতম ।স্মৰ্তব্য যে আলোচনাচক্ৰ খনত এষ্টনিয়াৰ মাৰিই ৰচমানলিলেও অংশ লয়।
Trending
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী