দ্বিতীয় গুৱাহাটী আন্ত: ৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱৰ চতুৰ্থ দিনা বিভিন্ন দিশৰ ওপৰত আলোচনা চক্ৰ অনুষ্ঠিত হোৱাৰ সমান্তৰালকে এখন প্ৰদৰ্শনী অনুষ্ঠিত হৈছে।এসময়ৰ জনপ্ৰিয় মিনি চিনেমা হোল খ্যাত বায়’স্কোপ প্ৰদৰ্শিত হৈছে। ১৮৯০ চনতে নিৰ্মিত বায়’স্কোপৰ জৰিয়তে চকুৰ পলকতে বিভিন্ন চিনেমা উপভোগ কৰিব পাৰি। বিশেষকৈ শিশুসকলে বায়’স্কোপৰ জৰিয়তে চিনেমা উপভোগ কৰি নিশ্চিতভাৱে আমোদ লাভ কৰিব।প্ৰদৰ্শনীত পৰিলক্ষিত হোৱা আন এটা প্ৰসংগ হ’ল ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ স্মাৰক আৰু চিনেমা সম্পৰ্কীয় সা-সামগ্ৰী। জ্যোতি চিত্ৰবনত সংগৃহিত হৈ থকা ১৯৬৮ ৰ চিনেমাত ব্যৱহৃত হোৱা প্ৰথমটো কেমেৰা প্ৰদৰ্শিত হৈছে। বিশেষকৈ অসমীয়া পুৰণি চিনেমা বোৰ পোষ্টাৰ অথবা আৰকাইভত সংৰক্ষণ কৰি প্ৰদৰ্শিত কৰাটোৱে চলচিত্ৰ মহোৎসৱখনিক অন্য মাত্ৰ প্ৰদান কৰিছে।
Trending
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত