যি সময়ত চীনত নিৰ্মিত জকমকীয়া সামগ্ৰীয়ে বজাৰ ভৰিছে, সেই সময়তে স্থানীয়ভাৱে উৎপাদিত আতচবাজীৰ আদৰ বাঢ়িছে। জনাব বিচাৰিছো বৰপেটা মণিচুনা উদ্যোগত উৎপাদিত আতচবাজীৰ বিষয়ে। জানি সুখী হ’ব যে মণিচুঙা উদ্যোগত উৎপাদিত সামগ্ৰী সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে বিক্ৰী হয়। বৃট্ৰিছ দিনৰ এক পৰম্পৰাৰে মহীয়ান উদ্যোগটোৰ বিষয়ে জানিব বিচৰাত উদ্যোগটোৰ পৰিচালিকা ৰীতামণি পাঠকে এনেদৰে কয়..আমাৰ এই ব্যৱসায়টো আজো ককাৰ দিনৰ। আজো ককা লক্ষীৰাম পাঠকে প্ৰচেষ্টাত আতচবাজী তৈয়াৰ হৈছিল। শুনা মতে আজো ককাৰ এজন বন্ধুৱে বাংলাদেশৰ ঢাকালৈ ফুৰিবলৈ গৈ এখন কিতাপ আনিছিল আৰু সেই কিতাপখন আমাৰ আজো ককাক উপহাৰ হিচাপে দিছিল। আৰু সেই কিতাপখন পঢ়ি আজো ককাই আতচবাজী বনাবলৈ শিকিছিল। তেতিয়াৰ পৰাই পৰম্পৰাগত ভাৱে এই ব্যৱসায়টো চলি আহিছে। শুনা মতে ব্ৰটিছৰ আমোলত ৰাণী ভিক্টৰিয়াই সোণৰ পদক চাৰ্টিফিকেট আৰু উদ্যোগটো চলাই নিবলৈ দুবিঘা মাটি আৱণ্টন কৰিছিল। ৰীতামণিয়ে কয় আমাৰ উদ্যোগত উৎপাদিত আতচবাজীৰ অতি উচ্চ ৰাসায়নিক ক্ষমতা সম্পন্ন দ্ৰব্য ব্যৱহাৰ নহয়, আৰু পৰিবেশ প্ৰদূষণ ক্ষেত্ৰটো নজৰ ৰাখো। ২০ টকাৰ পৰা ২০০০ হাজাৰ টকাৰ মূল্যৰ প্ৰায় ৩৬ বিধ সা-সামগ্ৰী আমাৰ উদ্যোগত উৎপাদিত হয়। দীপাৱলীৰ সময়ত আদৰ বঢ়া ৰীতামণিৰহতঁৰ উদ্যোগটোৱে অনাগত দিনত আশাৰ বতৰা কঢ়িয়াই আনক। হাজাৰটা এনেধৰণৰ থলুৱা উদ্যোগৰ জন্ম হওক তাৰেই শুভকামনা থাকিল।সহযোগ কৰিলে বৰপেটাৰ পৰা অনুপম অনিৰুদ্ধই ।
Trending
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী