গিৰিজা নন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজিত ৯ নৱেম্বৰত ৰাষ্ট্ৰীয় শিক্ষা দিৱস উপলক্ষে স্বাধীনতা সংগ্ৰামী আৰু শিক্ষাবিদ হিচাপে মৌলানা আবুল কালাম আজাদৰ ভূমিকা শীৰ্ষক এখনি দাৰ্শনিক আলোচনা অনুষ্ঠিত হয়।প্ৰতিষ্ঠানৰ লিটাৰেচাৰ ক্লাৱৰ দ্বাৰা আয়োজিত এই আলোচনাত অধ্যক্ষ অধ্যাপক সুশান্ত কুমাৰ দত্তই আৰম্ভণি ভাষণ আগবঢ়ায়। তাৰ পাছতে আৰম্ভ হোৱা আলোচনাত অংশ গ্ৰহণ কৰে গুৱাহাটী বিশ্ব বিদ্যালয়ৰ ৰাজনীতি বিভাগৰ অধ্যাপক ড. জয়ন্ত কৃষ্ণ শৰ্মা আৰু শিক্ষা বিভাগৰ অধ্যাপিকা ড. ময়ূৰী শৰ্মাই।অধ্যাপক জয়ন্ত কৃষ্ণ শৰ্মাই মৌলানা আবুল কালাম আজাদৰ স্বাধীনতা সংগ্ৰামত থকা বলিষ্ঠ ভূমিকাৰ উপৰিও তেখেতৰ জীৱনীৰ বিস্তৃত বিৱৰণ দাঙি ধৰে। আনহাতে ড. ময়ুৰী শৰ্মাই মৌলান আবুল কালাম আজাদৰ ভাৰতৰ শিক্ষাত থকা তেখেতৰ অৱদানৰ ওপৰত আলোচনা দাঙি ধৰে। এই অনুষ্ঠানত প্ৰতিষ্ঠানৰ অধ্যাপক অধ্যাপিকা,গৱেষণা প্ৰশিক্ষকৰ লগতে ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকে। এই আলোচনাখন অন্ত পৰে লিটাৰেচাৰ ক্লাৱৰ তত্ত্বাবধায়িকা মনিৰূপা মিশ্ৰই আগবঢ়োৱা শলাগৰ শৰাইৰ দ্বাৰা।
Trending
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত