ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীতো অনুষ্ঠিত হৈ আছে উত্তৰ পূব গ্ৰন্থমেলা। শীতৰ সেমেকা পৰিবেশতো গ্ৰন্থমেলাত বহু লোকৰ সমাগত পৰিলক্ষিত হয়। যি সময়ত ইণ্টাৰনেটৰ আগ্ৰাসনে কিতাপৰ প্ৰতি আগ্ৰহ কমি অহা বুলি সৰব চৰ্চা লাভ কৰিছে, সেই সময়তে একাংশ অভিভাৱকৰ লগতে নৱপ্ৰজন্মই গ্ৰন্থমেলাত ভিৰ কৰাৰ দৃশ্যই ইতিবাচক বতৰা কঢ়িয়াইছে।বিশেষকৈ দেখাত তেনেই সাধাৰণ যেন লগা অথচ অতি গুৰুত্বপূৰ্ণ কিছুসংখ্যক পুথিৰ সমাহাৰে ভাষা সাহিত্য ক্ষেত্ৰখনক নিসন্দেহে সমৃদ্ধিশালী কৰি তুলিছে ।এইবাৰৰ গ্ৰন্থমেলাত নৱপ্ৰজন্মৰ লেখকৰ পুথিয়ে জনপ্ৰিয়তা লাভ কৰিছে ।তেওঁলোক দুজন লেখক হ’ল দেবাংগ পল্লৱ শইকীয়া আৰু আন এজন পংকজ কুমাৰ দত্ত।সচাঁ কাহিনীৰ আলমত সৃষ্ট দেবাংগ পল্লৱ শইকীয়াৰ গল্প পুথি “নৈ দৰে”বিভিন্ন কাহিনীৰ সমাহাৰ ঘটিছে ।সমালোচকৰ ভাষাত মৌলিকতা সমাহাৰ আৰু সুন্দৰ উপস্থাপন শৈলীয়ে গ্ৰন্থখন জনপ্ৰিয় কৰি তুলিছে।আন এগৰাকী লেখক অথবা সাংবাদিক হ’ল পংকজ কুমাৰ দত্ত।দত্তৰ ঘড়ী স্তম্ভ নামৰ গ্ৰন্থখনত ১০টা গল্প সন্নিবিষ্ট কৰিছে।বিদেশৰ পটভূমিত ৰচিত প্ৰায়বোৰ গল্পতে সুন্দৰ প্ৰকাশভংগীয়ে ঘড়ী স্তম্ভত পৰ্য্যায়ত উন্নীত কৰিছে ।উল্লেখযোগ্য যে পংকজ কুমাৰ দত্তৰ বহুতো গল্প ইতিমধ্যে উৰিয়া, বাংলা ভাষালৈ অনুবাদ হৈছে ।
Trending
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন