ইণ্টাৰনেটও হ’ব পাৰে উৎকৃষ্ট কৰ্মৰ মাধ্যম ।ইণ্টাৰনেটত পোৱা তথ্যৰ পম খেদি দেৰগাঁৱৰ এজন ব্যক্তিয়ে বিকল্প কৃষি প্ৰণালী প্ৰয়োগ কৰিছে ।প্ৰকাশ খাদাৰীয়া নামৰ ব্যক্তিজনে ঘৰতে মাটিৰ অবিহনে বিলাহী, পালেং, জলকীয়াৰ খেতি কৰিছে।হাইড্ৰ পনিক পদ্ধতি অৱলম্বন কৰি খাদাৰীয়াই ইতিমধ্যে কৃষিৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰিছে ।এই সম্পৰ্কে খাদাৰীয়াই এন ই ফ’কাচ ডট কমৰ এনেদৰে কয়-মই ইণ্টাৰনেটত পোৱা তথ্যৰ ভিত্তিতে খেতি কৰিবলৈ আৰম্ভ কৰিছিলো।এই খেতিৰ বাবে মাটিৰ প্ৰয়োজন নাই ।পানী সময় মতে দিলেই হয়।গ্ৰীণ হাউচত কৰিলে বেছি ভাল।এয়া ইজৰাইলত কৰা এক কৃষি পদ্ধতি ।এই ধৰণৰ খেতিৰ প্ৰসাৰতাৰ বাবে প্ৰচেষ্টা চলাই আছো।তেখেতে কয় আমাৰ কৃষি সমূহ উন্নত পদ্ধতিৰে কৰিবলৈ কিছুমান কৌশল আছে।সেইবোৰ ইণ্টাৰনেটৰ সহায়ত শিকি পৰীক্ষণমূলকভাৱে চাই আছো ।প্ৰকাশ খাদাৰীয়াই ব্যক্তিগতভাৱে গ্ৰহণ কৰা এই প্ৰচেষ্টাই নিসন্দেহে কৃষিৰ ক্ষেত্ৰত ইতিবাচক বতৰা কঢ়িয়াই আনিছে ।
Trending
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী