মহাৰাষ্ট্ৰৰ সঞ্জয় গান্ধী ৰাষ্ট্ৰীয় উদ্যানত বিশ্বৰ ৬০ খন দেশৰ ৰাষ্ট্ৰদূতক একেলগে একে সময়ত অসমীয়া গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনায় ।মহাৰাষ্ট্ৰ চৰকাৰৰ উদ্যোগত আয়োজন কৰা “World Green Convernge 2018” ৰ এই বিশেষ কাৰ্যসূচীত গিনীজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰা অসম সন্তান ডক্টৰ ৰহমত আলীৰ প্ৰচেষ্টাত এনেদৰে ৰাষ্ট্ৰদূতক অসমীয়া জাপি গামোচাৰে আদৰণি জনোৱা হয়।আজি অনুষ্ঠিত এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত বলিউডৰ কেইবা গৰাকী অভিনেত্ৰী অংশ গ্ৰহণ কৰে বুলি ৰহমত আলী টেলিফোনিক বাৰ্তালাপত জানিব দিয়ে ।আজি এই অনুষ্ঠানৰ জৰিয়তে অসমক বিশ্বৰ আগত উজলাই তোলা অসম সন্তান ৰহমত আলী লস্কৰে এই পদক্ষেপত সচেতন ৰাইজে ভূয়সী প্ৰশংসা কৰে।খবৰ যুগুতালে দিলিস্তান খানে ।
Trending
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী