যি সময়ত বৰ্হিৰাজ্যৰ খাদ্য সম্ভাৰৰ ব্যৱসায়ে বজাৰ চানি ধৰিছে ।সেই সময়ত থলুৱা খাদ্যৰ ব্যৱসায়ে উদ্ভাসিত হৈছে দুগৰাকীকৈ ব্যক্তিয়ে।জ্যোতিষ বৈশ্য আৰু বিদ্যা কলিতা নামৰ ব্যক্তি দুজনৰ ব্যতিক্ৰম চিন্তাৰে মহানগৰীত জনপ্ৰিয়তা লাভ কৰিছে ফল আৰু টেঙাৰ ব্যৱসায়ে।নিচেই কম মূলধনত আৰম্ভ হোৱা এই ব্যৱসায়ত বৰ্তমান দৈনিক লাভ হয় ৭০০০টকা।উল্লেখযোগ্য যে তেওঁলোকে কমলা, আনাৰস, ৰবাব টেঙা, জলফাই, আমলখি, তিয়হ, অমিতা কাটি নিমখ, জলকীয়া, ধনীয়া সানি বিক্ৰী কৰে।প্ৰতিখন প্লেটৰ মূল্য ১০টকা।জানিব পৰা মতে এই বিপনীখনত প্ৰতিদিনে অসংখ্য মহিলা গ্ৰাহকে ভিৰ কৰে।বিপনীখনৰ সন্মুখত উপস্থিত হওতে লগ পোৱা এগৰাকী ক্ৰেতাই এনেদৰে মন্তব্য কৰে-টেঙা ফল বহুত ভাল পাও।কিন্তু কিনি কাটি খাবলৈ সময়ৰ অভাৱ ।ইয়াৰ উপৰিও ফলমূলৰ অধিক দামৰ কিনি খাব নোৱাৰিছিলো।এই বিপনীখনে টেঙা খাই ভালপোৱা অনুৰাগী সকলৰ চাহিদা পূৰণ কৰিছে।স্মতব্য যে বিপনীখনলৈ দৈনিক প্ৰায় ৭০০ব্যক্তি সমাগম হয়।
Trending
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী