আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ দিবস উপলক্ষে আজি ইন্টাৰনেচনেল হিউমেন ৰাইটছ এন্টিক্ৰাইম অৰগেনাইজেছনৰ গুৱাহাটী শাখাৰ উদোগত এক বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয় ৷মহানগৰীৰ বেলতলা চাৰ্ভে স্থিত ড্ৰীমছ ক্ৰীয়েছনত উক্ত অনুষ্ঠানত উপস্থিত থাকি মানৱাধিকাৰ সন্দৰ্ভত ভাষণ ৰাখে হিউমেন ৰাইটছ এন্টিক্ৰাইম অৰগেনাইজেছনৰ ৰাজ্যিক সম্পাদক মইনুল হুচেইনে৷উক্ত অনুষ্ঠানৰ মুখ্য সহযোগী হেলথৰ ডি এন এৰ হৈ বক্তব্য ৰাখে প্ৰতিষ্ঠানটোৰ প্ৰজেক্ট হেড মনালিছা গগৈয়ে ৷ড্ৰীমচ ক্ৰিয়েচনৰ অধ্যক্ষা ডক্টৰ পাৰুমিতা চক্ৰৱৰ্তীয়ে হেলথ ডি এন এ আৰু ইণ্টাৰনেচনেল হিউমেন ৰাইটছ এণ্টি ক্ৰাইম অৰ্গেনাইজেশ্যনৰ এই পদক্ষেপৰ বাবে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে ৷অনুষ্ঠানটোত প্ৰায় দুই শতাধিক ছাত্ৰ ছাত্ৰী তথা অভিভাৱকে অংশগ্ৰহণ কৰে ৷অনুষ্ঠানটোত মুম্বাইৰ নানাৱতী হস্পিতেলৰ ডাক্তৰ সুনীল ডালৱায়ে শিশু আৰু মানসিক স্বাস্থ্যৰ ওপৰত বক্তব্য ৰাখে ৷অনুষ্ঠানটোত হিউমেন ৰাইটচৰ হৈ ৰাজ্যিক সভাপতি শশাংক ভৰত কামৰূপ জিলাৰ সভাপতি পুৰুষোত্তম বানচাল হেলথ ডি এন এৰ হৈ পূজন শইকীয়া,ধীৰু গগৈ উপস্থিত থকা বুলি এক প্ৰেছ বিজ্ঞপ্তি যোগে জনাইছে সংগঠনৰ প্ৰচাৰ সচিব যোগেশ মজুমদাৰে ৷
Trending
- দুৰন্ত তৰুণ ঘনশ্যাম শইকীয়াৰ ১০৮ বছৰীয়া জন্মজয়ন্তী উদযাপন
- গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- বাইক ৰেলী অনুষ্ঠিত
- ৩৫ লাখ বাজেটেৰে সাজু মহঘুলি চাপৰি-ফাটবিহু উদযাপনকলৈ মহঘুলি চাপৰিত সংবাদমেল
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান