ব্যৱসায়িক মডেল উন্নয়ন, বাণিজ্য তথা উদ্ভাৱনী ক্ষমতা বৃদ্ধিৰ লক্ষ্যৰে ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান আই আই ইয়ে ইমপেক্ট উইক শীৰ্ষক এক কৰ্মশালা আয়োজন কৰিছে।১২ডিচেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব লগা কৰ্মশালাত জাৰ্মানী, আৰ্জেণ্টিনাৰ পৰা অহা প্ৰশিক্ষকে অংশগ্ৰহণ কৰিব ।এই সম্পৰ্কে আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদ মেলত আই আই ই সুপৰ্ণা বি বৰুৱাই কয় যে এনেধৰণৰ কৰ্মশালা ভাৰতত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে।যুৱ উদ্যমীসকলে ডিজাইন থিংকিঙৰ জৰিয়তে ব্যৱসায় ক্ষেত্ৰ সমূহ উন্নয়ন কৰিব পাৰিব।উল্লেখযোগ্য যে প্ৰথম পৰ্য্যায়ত শিক্ষক সকলৰ মাজত প্ৰশিক্ষণ প্ৰদান কৰিব আৰু দ্বিতীয় পৰ্য্যায়ত ছাত্ৰ ছাত্ৰী, উদ্যমীসকলক প্ৰশিক্ষণ প্ৰদান কৰিব।কৰ্মশালাখনত বিশেষকৈ স্বাস্থ্য, পৰ্যটন, গ্ৰাম্য, পৰিবেশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব বুলি জানিব পৰা গৈছে ।
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন