সামাজিক অনুষ্ঠান স্পৰ্শ অসমে উত্তৰ গুৱাহাটীত ১৪ ডিচেম্বৰত অনুষ্ঠিত কৰে এখনি বৃহৎ গণিত মেলা ।খেল আৰু আকৰ্ষনীয় উদ্ভাৱনী প্ৰয়োগৰ জৰিয়তে গণিতক ছাত্ৰ-ছাত্ৰীৰ অধিক ওচৰ চপাই নিবলৈ আয়োজন কৰা গণিত সপ্তাহৰ অংশ হিচাপে স্পৰ্শ অসমে যোৱা ৭ ডিচেম্বৰৰ পৰা মুঠ ১০ খন বিদ্যালয়ত পৃথকে আয়োজন কৰিছিল সপ্তাহযোৰা গণিত কৰ্মশালা ।এই কৰ্মশালাৰ অন্তত শুক্ৰবাৰে সাতগাঁও পুখুৰীপাৰ প্ৰাথমিক বিদ্যালয়ত মুকলিকৈ অনুষ্ঠিত হয় এখনি বৃহৎ গণিত মেলা ।বৰবাকা ট্ৰাইবেল এম ই স্কুলৰ বিজ্ঞান শিক্ষক উত্তম চন্দ্ৰ দাসৰ প্ৰত্যক্ষ তত্বাৱধানত আয়োজিত এই অনুষ্ঠানত ক্ৰমে দক্ষিণ লেঙা প্ৰাথমিক বিদ্যালয় ,লেঙা নৱমিলন প্ৰাথমিক বিদ্যালয় ,শিৱমন্দিৰ প্ৰাথমিক বিদ্যালয় ,উত্তৰ লেঙা প্ৰাথমিক বিদ্যালয় ,৪২০ নং সাতগাওঁ প্ৰাথমিক বিদ্যালয় ,সাতগাওঁ পুখুৰীপাৰ প্ৰাথমিক বিদ্যালয় ,৪৫ নং মাণিকনগৰ প্ৰাথমিক বিদ্যালয় ,বৰ নিজৰাপাৰ প্ৰাথমিক বিদ্যালয় ,বৰবাকা প্ৰাথমিক বিদ্যালয় আৰু সৰুবাকা প্ৰাথমিক বিদ্যালয়কে ধৰি মুঠ ১০ বিদ্যালয়ে অংশগ্ৰহণ কৰে।কাৰ্যসূচীত সহযোগিতা আগবঢ়াই মান্দাকাটা বি মণ্ডল সমলকেন্দ্ৰ সমন্বয়ক জাহিদুল ৰহমানে ।১০ খন বিদ্যালয়ৰ তিনি শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰায় ৪০ গৰাকী শিক্ষক প্ৰতিনিধি আৰু অভিভাৱকৰ উপস্থিতিত অনুষ্ঠিত এই মেলাখনত অংশগ্ৰহণ কৰে মিৰ্জাৰ দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক তথা আয়োজক প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যকৰ্তা ৰত্ন দাসে ।অনুষ্ঠানত উপস্থিত থাকে স্পৰ্শ-অসমৰ সভাপতি ভুপেন ডেকা, সমম্বয়ক মিৰ্জা লুটফুৰ ৰহমান আৰু স্বেচ্চাসেৱক মিনাক্ষী চৌধুৰীয়ে ।ইয়াৰ পূৰ্বে গণিত গণিত কৰ্মশালাত ৪৫ নং মাণিকনগৰ প্ৰাথমিক বিদ্যালয়ত কামৰূপ জিলাৰ শিক্ষা বিষয়াদ্বয় ক্ৰমে চুইটি বেজবৰুৱা আৰু সংগীতা গোস্বামীয়ে অংশগ্ৰহণ কৰি স্পৰ্শ-অসমৰ এই কাৰ্যসূচীক সময়োপযোগী আৰু আদৰ্শনীয় বুলি অভিহিত কৰি ইয়াৰ বহল কাৰ্যকৰীকৰণৰ বাবে জিলা শিক্ষা বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব বুলি মত পোষণ কৰে ।গণিত মেলাৰ অন্তত অনুষ্ঠিত সভাত বিভিন্ন বিদ্যালয়ৰ শিক্ষক তথা ছাত্ৰ-ছাত্ৰীসকলে গণিত মেলাৰ বিষয়ে ইতিবাচক মন্তব্য প্ৰকাশ কৰে ।উল্লেখ্য যে এই গণিত মেলাত মণি ,মাৰ্বল ,ঘনক ,কাৰ্ড,কাঠি,দিয়াচলাই আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰে প্ৰস্তুত কৰা হৰণ,উৎপাদক,ভগ্নাংশ ,স্থানীয় মান , পৰিমাণ আৰু গুণিতক আদিৰ শিকণ আৰ্হিয়ে উপস্থিত সকলোকে আমোদ দিয়াৰ লগতে এই আৰ্হিৰ ব্যৱহাৰে প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত গণিতৰ বুনিয়াদী ধাৰণা শক্তিশালী কৰিব বুলিও শিক্ষকসকলে মেলাৰ অন্তত অনুষ্ঠিত সভাত মত পোষণ কৰে ।উল্লেখ্য যে এই কাৰ্যসূচীয়ে আগন্তক দুমাহৰ ভিতৰত পৰীক্ষামূলকভাৱে কামৰূপ জিলাৰ আন ত্ৰিশখন বিদ্যালয়ক সামৰি ল’ব আৰু গৱেষণাৰ অন্তত সুফল পোৱা আৰ্হিসমূহৰ অন্তভুক্তিৰে প্ৰাথমিক পৰ্যায়ৰ শিক্ষকসকলৰ বাবে সহায়ক হ’ব পৰাকৈ এখনি গণিত শিকণৰ ব্যৱহাৰিক হাতপুথিও স্পৰ্শ অসমে মুকলি কৰিব বুলি মুখ্য কাৰ্যকৰ্তা ৰত্ন দাসে ভাষণ প্ৰসংগত উল্লেখ কৰে ।
Trending
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ