ব্যাপক উৎসাহ উদ্দীপনাৰ ঐতিহ্যমণ্ডিত বোকাখাত চহৰৰ গড়মূৰ হাইস্কুল খেলপথাৰত অহা ৬জানুবাৰীৰ পৰা ৮ জানুৱাৰীলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অসম প্ৰকাশন পৰিষদৰ সেউজ গ্ৰন্থমেলা অনুষ্ঠিত হ’ব ।প্ৰথম বাৰৰ বাবে অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ বিভাগৰ উদ্যোগত আৰু চাহ জনগোষ্ঠীৰ সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হ’ব লগা সেউজ গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানত সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব ।কালি বোকাখাতৰ মহকুমাধিপতি কাৰ্য্যালয়ত অনুষ্ঠিত কৰা সংবাদ মেলত প্ৰমোদ কলিতাই এই কথা সদৰী কৰি কয় যে বোকাখাত ষ্টেডিয়ামৰ পৰা গড়মূৰ হাইস্কুল খেলপথাৰত পৰিভ্ৰমণ কৰি বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্য্যসূচীৰে শুভাৰম্ভ হ’ব।বিভিন্ন জাতি জনজাতিৰ সাংস্কৃতিক দলে অংশ গ্ৰহণ কৰিব লগা গ্ৰন্থমেলাখন উদ্বোধন কৰিব গোলাঘাট জিলাৰ উপায়ুক্ত গৌৰৱ ব্ৰোথাই।উক্ত অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰা, কনক সেন ডেকা, কামাখ্যা প্ৰসাদ তাচা, হৃষীকেশ গোস্বামী ,ডক্টৰ জয়ন্ত মাধৱ বৰা উপস্থিত থাকিব ।
Trending
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ