সমগ্ৰ বিশ্বতে অসম চাহৰ সমাদৰ আছে ।কিয়নো অসমৰ চাহত আছে সুকীয়া মাদকতা ।চাহৰ উৎপত্তিৰ স্থল প্ৰকৃততে অসম বুলি ক’লেও ভুল কোৱা নহ’ব।ইতিহাসৰ পাতত সন্নিৱিষ্ট থকা অনুসৰি চিংফৌসকলে প্ৰথমে চাহ উৎপাদন কৰিছিল ।অসমৰ চাহ বাগানৰ সেউজীয়াখিনিত আছে সুকীয়া সৌন্দৰ্য্য ।প্ৰকৃতিক ভাল পোৱা সকলে চাহ বাগানৰ সেউজীয়াৰ সৌন্দৰ্য্য উপভোগ কৰি আনন্দিত হয়, প্ৰশান্তি পায়।সুখৰ বিষয় যে অসমত ইতিমধ্যে চাহৰ গুৰুত্ব যথেষ্ট বৃদ্ধি পাইছে ।উদ্যমী সকলে চাহ খেতিৰ প্ৰতি আকৰ্ষিত হৈছে।ইয়াৰ সমান্তৰালভাৱে উদ্ভাৱন হৈছে নতুন ধৰণৰ সোৱাদ সমৃদ্ধ চাহৰ।অসমৰ চাহ উদ্যোগত নকৈ সংযোজিত হোৱা পাৰপল টি আৰু ব্লুমিং টিয়ে সোণালী অধ্যায়ৰ সূচনা কৰিছে।চাহ মানৱ দেহৰ কাৰণে এবিধ উপকাৰী পনীয়া হিচাপে বিবেচিত হৈছে।১৮৩৯ চনৰ আজিৰ দিনটোত পোনপ্ৰথমবাৰৰ অসমৰ চাহ লণ্ডনত নিলাম হৈছিল ।অসম চাহৰ সুকীয়া পৰিচয় সদায় অটুট থাকক।এই বিশেষ দিনটোত তাকে কামনা কৰিলো।
Trending
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
- ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন
- বন্যহস্তীৰ দেহত ৰেডিঅ’ ক’লাৰ স্থাপন
- চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান
- বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা-২০২৫ বৰ্ষৰ বাবে জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা
- বৃহত্তৰ ৰাণী অঞ্চলত হাতীৰ উপদ্ৰবৰ মাজতে আঘোনৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত চহা কৃষক
- গুৱাহাটী বিশ্ববিদ্যালয়ত এন এছ এছৰ পূৱ মাণ্ডলৰ প্ৰাক গণৰাজ্য দিৱস পেৰেড শিবিৰৰ সামৰণি
- আপকুৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন-ৰাজ্যৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা
- National Press Day 2024 Commemorated in Guwahati: A Reflection on the Changing Nature of the Press
- গুৱাহাটী বিশ্ববিদ্যালয়ত জনজাতীয় গৌৰৱ দিৱস পালন