বোধি হেল্থ এডুকেচন আৰু আছাম নাৰ্ছিং কাউঞ্চিলৰ উদ্যোগত কালি দিন যোৰা কাৰ্যসূচীৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত নাৰ্ছিং শিক্ষা বিষয়ক কেইবাখনো মনোজ্ঞ অালোচনা চক্ৰ অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানতে বোধি হেল্থৰ উদ্যোগত যোৱা বছৰ অনুষ্ঠিত হোৱা বোধি নাৰ্ছিং এক্সেলেঞ্চ এৱাৰ্ডছৰ সফল ছাত্ৰ ছাত্ৰী সকলক সন্মানিত কৰা হয়। বঁটা সমূহ বিতৰণ কৰে নাৰ্ছিং বিভাগৰ যুটীয়া সঞ্চালক উমলিনা টপ্ন, নাৰ্ছিং কাউঞ্চিলৰ পঞ্জীয়ক ইলোৰা ব্ৰহ্ম, আঞ্চলিক নাৰ্ছিং মহাবিদ্যালয়ৰ অধ্যক্ষা কৃষ্ঞা দাস আৰু বোধি হেল্থ এডুকেচনৰ মুখ্য কাৰ্যবাহী অভিনৱ গিৰধৰে। গুৱাহাটীৰ সকলো নাৰ্ছিং প্ৰতিষ্ঠানৰ অধ্যক্ষ সকলে ভাগ লোৱা অনুষ্ঠানটিত বোধিৰ জেষ্ঠ প্ৰবন্ধক দেবাংগ গগৈয়ে জানিবলৈ দিয়ে যে প্ৰতিষ্ঠানটোৱে নাৰ্ছিং শিক্ষাৰ লগত জড়িত বহুবোৰ প্ৰকল্প উত্তৰ পূৱত ইতিমধ্যেই হাতত লৈছে।
Trending
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন