প্ৰত্যেক বছৰে অনুষ্ঠিত কৰাৰ দৰে এইবাৰো আঞ্চলিক বিজ্ঞানৰ কেন্দ্ৰ গুৱাহাটীয়ে উদ্ভাৱন উৎসৱ আয়োজন কৰিছে।অহা ৯ আৰু ১০ফেব্ৰুৱাৰী অনুষ্ঠিত হ’ব লগা এই উৎসৱটোত উদ্ভাৱনৰ লগত জৰিত সকলে অংশগ্ৰহণ কৰিব ।ইয়াৰ ভিতৰত কাৰিকৰ, শিল্পৰ লগত জৰিত ব্যক্তি, প্ৰযুক্তিবিদ সকল অন্যতম ।সমগ্ৰ উত্তৰ পূবৰ ৫০গৰাকী উদ্ভাৱকে উৎসৱটোত অংশ ল’ব ।তেওঁলোকৰ নিজ নিজ উদ্ভাৱনৰ সমল সমূহ প্ৰদৰ্শন কৰিব ।শ্ৰেষ্ঠ উদ্ভাৱকক দীননাথ পাণ্ডে স্মৃতিৰক্ষা ন্যাসে স্মাৰ্ট আইডিয়া ইন’ভেচন এৱাৰ্ডৰ লগতে নগদ ১০,০০০টকাৰে পুৰস্কৃত কৰিব।আগ্ৰহী সকলে সবিশেষ জানিবলৈ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ গুৱাহাটীৰ লগত যোগাযোগ কৰিব পাৰিব বুলি সঞ্চালকে এক বিবৃতিৰ জৰিয়তে জানিবলৈ দিছে ।
Trending
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত