সমাগত সৰস্বতী পূজা। চৌদিশে খনিকৰে মৃণ্ময় প্ৰতিমা গঢ়াৰ বাবে প্ৰস্তুতি চলাইছে ।ঠিক সেই সময়তে বাঁহেৰে প্ৰস্তুত কৰা এক ব্যতিক্ৰম ধৰণৰ সৰস্বতী প্ৰতিমাই সকলোকে দৃষ্টি আকৰ্ষণ কৰিছে ।ধুবুৰীৰ সঞ্জীৱ বসাক নামৰ এজন শিল্পীজনে বাঁহেৰে সৰস্বতী প্ৰতিমা প্ৰস্তুত কৰি উলিয়াইছে ।জানিব পৰা মতে প্ৰতিমাখন সৰস্বতী পূজাৰ দিনা ধুবুৰীৰ ফ্ৰীডম ক্লাৱত প্ৰদৰ্শিত হ’ব।দুমাহযোৰা প্ৰস্তুতিৰে নিৰ্মাণ কাৰ্য্য চলি থকা এই ব্যতিক্ৰম ধৰণৰ প্ৰতিমাখনৰ উচ্চতা১৫ফুট আৰু প্ৰস্থ ৯ফুট।প্ৰতিমাখন নিৰ্মাণত বাঁহ, পাটী আদিবোৰ ব্যৱহাৰ হৈছে ।এতিয়ালৈকে প্ৰায় ১০টা মান জাতি বাঁহ প্ৰতিমা নিৰ্মাণত ব্যৱহাৰ হৈছে ।স্মতৰ্ব্য যে ইতিপূৰ্বেও সঞ্জীৱে দূৰ্গাপূজাৰ সময়ত জুঁইশলাৰ কাঠিৰে দূৰ্গা প্ৰতিমা নিৰ্মাণ কৰিছিল ।
Trending
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন