কামৰূপ জিলাৰ উপৰহালীস্থিত অসম গ্ৰামীণ বিকাশ বেংক, গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানত যোৱা ১ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা ৬ দিনীয়া উদ্যোগী বিকাশ প্ৰশিক্ষণৰ আজি সামৰণি পৰে। এই উপলক্ষে প্ৰশিক্ষক প্ৰণৱ শৰ্মাই আঁতধৰা প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠানটোৰ সঞ্চালনা কৰে প্ৰশিক্ষক প্ৰতিষ্ঠানটোৰ সঞ্চালক দৰ্পন বৰাই। ইয়াৰ পিছতেই প্ৰশিক্ষাৰ্থীসকলৰ পৰা ললিতা তালুকদাৰ, হিৰেণ মহন্ত আৰু সবিতা দেৱীয়ে উক্ত প্ৰশিক্ষণৰ পৰা বহুত উপকৃত হোৱা বুলি কৈ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সকলো বিষয় ববীয়াক কৃতজ্ঞতা জ্ঞাপন কৰে। কামৰূপ জিলাৰ বিভিন্ন অঞ্চলৰ ৩৫ গৰাকী প্ৰশিক্ষাৰ্থীৰ মাজত প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠানত অসম গ্ৰামীণ বিকাশ বেংক কেন্দ্ৰ উপৰহালী শাখাৰ পৰিচালিকা মিঠুস্মিতা কলিতা, সাংবাদিক গিৰীন্দ্ৰ কলিতাই উপস্থিত থাকি প্ৰশিক্ষাৰ্থীসকলক প্ৰেৰণামূলক বক্তব্য প্ৰদান কৰি উজ্বল ভৱিষ্যত কামনা কৰি প্ৰশিক্ষাৰ্থীসকলৰ মাজত প্ৰমান পত্ৰ বিতৰণ কৰে।সাংবাদিক জীতুমণি দাস উপস্থিত থকা অনুষ্ঠানটোত সহযোগিতা আগবঢ়ায় কাৰ্য্যালয়টোৰ সহায়িকা পাৰিজাত সন্দিকৈয়ে।খবৰ যুগুতালে মিৰ্জাৰ পৰা জিতুমণি দাসে..
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন