গুৱাহাটী মহানগৰীৰ বয়োজ্যেষ্ঠসকলৰ বাবে সুখবৰ।গুৱাহাটী মহানগৰীৰ জ্যেষ্ঠসকলৰ বাবে নিঃসংগতা দূৰ কৰিবৰ অৰ্থে আয়োজন কৰা হৈছে এটা আড্ডাঘৰৰ। সেই উপলক্ষে বৃহস্পতি বাৰে গুৱাহাটীস্থিত আমবাৰীৰ প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদ মেলত কয় যে বিশিষ্ট লেখক-সমালোচক প্ৰয়াত মুনীন বৰকটকী আৰু বিশিষ্ট ৰাজনৈতিক সমাজ কৰ্মী প্ৰয়াত ৰেণুকা দেৱী বৰকটকীৰ গুৱাহাটী পঞ্চৱতীস্থিত বাসগৃহত জ্যেষ্ঠ নাগৰিকসকল মিলিত হ’ব পৰাকৈ আড্ডাঘৰ নামৰ এটি অনুষ্ঠান অহা ১ মাৰ্চৰ পৰা আনুষ্ঠানিকভাবে শুভাৰম্ভ হব। প্ৰয়াত মুনীন বৰকটকী আৰু প্ৰয়াত ৰেণুকা বৰকটকীৰ কন্যা মিনাক্ষী বৰকটকীয়ে মাক-দেউতাকৰ স্মৃতি ৰক্ষাৰ হেতুকে তথা নিসংগ জ্যেষ্ঠ ব্যক্তি সকলক একলগ কৰাৰ মানসিকতাৰে এই ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে।গুৱাহাটী জ্যেষ্ঠ সমাজ,পঞ্চৱতীৰ জৰিয়তে এই আড্ডাঘৰৰ প্ৰশান্ত,আনন্দময় পৰিবেশত চাহ বা কফি একাপ লৈ নাগৰিকসকলে বাতৰি কাকত অথবা আলোচনীত চকু ফুৰাই পুৰণি বন্ধুসকলক লগ কৰাৰ লগতে নতুন বন্ধুত্বও গঢ়ি তুলিব পাৰিব।বছেৰেকীয়া সদস্য পদৰ ভিত্তিত আড্ডাঘৰৰ সদস্যসকলৰ বাবে নিয়মিত স্বাস্থ্য পৰীক্ষা,যোগ , ধ্যান আদিৰ ব্যৱস্থা থাকিব। তদুপৰি আড্ডাঘৰত বিভিন্ন খেল-ধেমালি ,সাংস্কৃতিক কাৰ্যসূচী, বিশেষজ্ঞৰ সৈতে মত-বিনিময়, চিনেমা- নাটক ,প্ৰদৰ্শন আদিৰো ব্যৱস্থা কৰা হ’ব বুলি উদ্যোক্তাসকলে সংবাদমেলত জানিবলৈ দিয়ে।আনহাতে, আড্ডাঘৰৰ সদস্যসকলৰ স্বাস্থ্য পৰীক্ষাৰ বাবে কে জি এম টি হস্পিতালে দায়িত্ব বহন কৰিছে। সপ্তাহৰ যিকোনো এটা নিৰ্দিষ্ট দিনত কে জে এম টি হস্পিতালৰ চিকিৎসক আড্ডাঘৰত আহি সদস্যসকলৰ স্বাস্থ্য পৰীক্ষা কৰিব।এই আড্ডাঘৰৰ ভৰ্তি মাচুল মাহে ৫০০ টকা আৰু বছেৰেকীয়া হিচাপত ৫০০০ টকা। আড্ডাঘৰৰ তত্ত্বাৱধায়ক হিচাপে থাকিব চিছিল কোনা ডেকা। ৰাতিপুৱা ১০ বজাৰ পৰা১ বজালৈ আৰু দুপৰীয়া ৩ বজাৰ পৰা ৬ বজালৈ এই আড্ডাঘৰ খোলা থাকিব। আনহাতে বৃহস্পতিবাৰে এই আড্ডাঘৰ বন্ধ থাকিব। এই আড্ডাঘৰত সহযোগ কৰিছে কে জি এম টি হস্পিতাল আৰু আশাদ্বীপ ফাউণ্ডেশ্যনে।সহযোগ কৰিলে দিলিস্তান খানে..
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন