আজিৰে পৰা চাৰিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া শ্ৰী শ্ৰী শিৱৰাত্রী আৰু দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱৰ আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে উপায়ুক্ত ডক্টৰ এছ লক্ষ্মণনে। শিৱদ’ল প্ৰাংগণত অনুষ্ঠিত এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে আৰক্ষী অধীক্ষক অমিতাভ সিনহা, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ১৪৯ নং বেটেলিয়নৰ কমাণ্ডেণ্ট জেকব ভী তুছিং, অতিৰিক্ত আৰক্ষী অধীক্ষক নবীন সিং, দ’ল উন্নয়ন সমিতিয়ে উপ-সভাপতি গঙ্গা প্ৰসাদ বৰগোহাঞি, পৌৰ সভাৰ সভানেত্ৰী মৃদুস্মিতা সিংহ।অনুষ্ঠানত উপায়ুক্ত ডক্টৰ লক্ষ্মণনে দ’ল উন্নয়ন সমিতিয়ে সভাপতি ৰূপে প্ৰদান কৰা ভাষণত শিৱৰাত্রী আৰু শিৱ মহোৎসৱৰ এই দিনকেইটা জিলাখনৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন বুলি উল্লেখ কৰে। তেওঁ কয় যে, এই কেইদিন জিলাখন লাখ লাখ ভক্তপ্ৰাণ ৰাইজ আৰু দেশী-বিদেশী পৰ্য্যটকৰ আগমন ঘটে। এই মহোৎসৱৰ মাধ্যমেৰে ধৰ্ম, সংস্কৃতি, জ্ঞান আৰু অভিজ্ঞতাৰ আদান-প্ৰদানৰ এক সুন্দৰ পৰিবেশ সৃষ্টি হয় বুলিও উপায়ুক্ত গৰাকীয়ে মতপোষন কৰে। এই মহোৎসৱৰ বাবে গঠিত বিভিন্ন সমিতি সমূহক নিষ্ঠা আৰু ঐকান্তিকতাৰে কাম কৰি যাবলৈও তেওঁ আহ্বান জনায়। মহোৎসৱৰ বাবে আৰক্ষী বিভাগৰ তৰফৰ পৰা সকলো প্ৰকাৰৰ সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও তেওঁ অৱগত কৰে। লগতে আৰক্ষী বিভাগে ট্রেফিক, পাৰ্কিং আদি ব্যৱস্থাৰ উন্নীতকৰণৰ বাবেও পদক্ষেপ গ্ৰহণ কৰা বুলি তেওঁ জনায়।এই অনুষ্ঠানত মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা “শিৱ” শীৰ্ষক স্মৃতিগ্ৰন্থ খনিৰো শুভ উন্মোচন কৰা হয়।খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিল্লিস্তান খানে..
Trending
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী