অচিৰেই গতি লাভ কৰিব সদভাৱনা আঁচনিয়ে

অসম চৰকাৰে নকৈ গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ।সদভাৱনা আঁচনিৰ অধীনত ৰৈ থকা সকলো নথি ফাইলৈ গতি লাভ কৰিব।এই সম্পৰ্কে জানিব দি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলৰ জৰিয়তে কয় যে ইয়াৰ জৰিয়তে শিক্ষা, পি ডাব্লিউ ডি, পেঞ্চন, সমাজ কল্যাণ আদি বিভাগৰ কোনো পেঞ্চনজনিত কাম ৰৈ থকা অচিৰেই কাৰ্যকৰী হৈ উঠিব।অহা ১০ নৱেম্বৰ পৰা এই বিশেষ আঁচনিয়ে গতি লাভ কৰিব ।লগতে কয় যে সকলো ধৰণৰ জনসাধাৰণক এই অহা ১০ মে’লৈকে সামৰি লোৱা হ’ব।আজিৰ সংবাদমেলত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী ,কৃষি মন্ত্ৰী অতুল বৰা,ৰঞ্জিত দাসৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Comments (0)
Add Comment