অচিৰেই নেহৰু ষ্টেডিয়ামো কোৱাৰেণ্টাইন চেণ্টাৰলৈ ৰূপান্তৰিত হ’ব পাৰে-স্বাস্থ্যমন্ত্ৰী

ক’ৰণা ভাইৰাছত আক্ৰান্ত সকলৰ সমগ্ৰ বিষয়টো সন্দৰ্ভত আজি ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই  গুৰুত্বপূৰ্ণ সংবাদমেলৰ অনুষ্ঠিত কৰে৷ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানত অনুষ্ঠিত হোৱা  সংবাদমেল খনত স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে, গুৱাহাটী মহানগৰীত মহামাৰী ক’ৰণা ভাইৰাছত ধৰা পৰা চাৰিগৰাকী পজিটিভ ৰোগীৰ ভিতৰত তিনিজনৰ নাই কোনোধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নাই।
 
ইতিপূৰ্বে ক’ৰণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱা দীপিকা নাথে কিছুদিন ধৰি ভৰিৰ বিষ আৰু সামান্য জ্বৰত ভূগি আছিল । মহানগৰীৰ বেলতলাৰ ই এচ আই চি চিকিৎসালয়ত থকা চিকিত্‍সকক দেখুৱাই কিছু আৰোগ্য লাভ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত আকৌ আক্ৰান্ত হৈ মৃত্যু ঘটে দীপিকাৰ। উল্লেখ্য যে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ ৱৰ্কাছ কলনীত  আইতাকৰ সৈতে বাস কৰিছিল মৃত দীপিকাই।
আনহাতে গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ৰ পি জি দ্বিতীয় ষান্মাষিকৰ ছাত্ৰ ডা০ লিথিকেশও মহামাৰী ক’ৰণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে। উল্লেখ্য যে বিগত ২৭ এপ্ৰিলৰ পৰাই চিকিৎসক ছাত্ৰ গৰাকীৰ  মহামাৰী ক’ৰণাৰ লক্ষণে দেখা দিছিল।
 
যোৱা ৩০ এপ্ৰিলত তেওঁ অংশগ্ৰহণ কৰিছিল গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ত হোৱা এটা ৱৰ্কশ্বপত। উক্ত ৱৰ্কশ্বপতে ক ক’ৰণাৰ স্ক্ৰীনিং টেষ্ট কৰা হৈছিল। উল্লেখ্য যে চিকিত্‍সক ছাত্ৰ গৰাকীৰ শৰীৰত কোভিড১৯ৰ স্থিতি পজিটিভ হিচাপে ধৰা পৰাৰ পিছত তেওঁৰ সংস্পৰ্শলৈ যিসকল চিকিৎসক আহিছিল  সকলো চিকিত্‍সকৰে ইতিমধ্যে টেষ্ট কৰা হৈছে। আজি নিশাৰ ভিতৰত টেষ্টৰ ৰিপ’ৰ্ট অহাৰ সম্ভাৱনা বুলিও কয় সংবাদমেল যোগে সদৰি কৰে।
 
ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ১নং আৰু ৫নং হোষ্টেলক কণ্টেনমেণ্ট জ’ন হিচাপেও ঘোষণা কৰা হৈছে। ক’ৰণা মহামাৰীত আক্ৰান্ত হোৱা আন এগৰাকী ৰোগী হৈছে বৰদা দাস। মহানগৰীৰ চান্দমাৰী স্থিত অনুৰাধা চিনেমা হ’লৰ কাষত থকা ঘৰতে বৰদাৰ সৈতে আছিল তেওঁৰ নিজৰ ছোৱালী।
 
জানিব পৰা মতে উক্ত মহিলাগৰাকী ইতিমধ্যে দুই-এঘৰ লোকৰ সংস্পৰ্শলৈও আহিছিল। মহানগৰীৰ পাণবজাৰ স্থিত মহেন্দ্ৰ মোহন চৌধুৰী চিকিত্‍সালয়ৰ পৰা গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়লৈ পঠিওৱা মহিলাগৰাকীৰ দেহত  মহামাৰী ক’ৰণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে।
 
আনহাতে গুৱাহাটী মহানগৰীৰ আনগৰাকী ক’ৰণাত আক্ৰান্ত ৰোগীয়ে  ব্যৱসায় সম্বন্ধীয় কামৰ বাবে পশ্চিমবংগলৈ গৈছিল।ইতিমধ্যে মহামাৰী ক’ৰণা ভাইৰাছৰ বিৰূদ্ধে কোৱাৰেণ্টাইনত থকা মানুহৰ সংখ্যা দৈনন্দিন বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি লোৱা হয় এক বিশেষ সিদ্ধান্ত।
 
 
অতিশীঘ্ৰে মহানগৰীৰ নেহৰু ষ্টেডিয়ামো ৰূপান্তৰিত হ’ব পাৰে কোৱাৰেণ্টাইন চেণ্টাৰলৈ৷ ইতিমধ্যে বহিঃৰাজ্যত আবদ্ধ হৈ থকা অসমৰ লোক সকলৰ নিজ গৃহলৈ উভতনি যাত্ৰা কৰিছে। মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত বৃহস্পতিবাৰে দেখা পোৱা গ’ল বহিঃৰাজ্যৰ পৰা মানুহ অনা শাৰী শাৰী গাড়ী৷ এজন এজনকৈ সকলোৰে সৰুসজাইতে স্বাস্থ্য পৰীক্ষা কৰা হয়৷ সৰুসজাই ষ্টেডিয়ামত উপস্থিত হৈ সকলো দিশেই পৰ্যবেক্ষণ কৰিলে খোদ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে।
 
এই সমগ্ৰ বিষয়টো সন্দৰ্ভত তেখেতে কয় যে বহিঃৰাজ্যৰ পৰা মানুহ আনিবলৈ ৩৭৫খন বাছ অসম পুলিচে দিছে। মুঠ ২০৫৬জন মানুহ অনাৰ বাবে দিয়া হৈছে অনুমতি৷ শিক্ষাৰ্থী ,ৰোগী আৰু অন্য লোকসকলো তেওঁলেকৰ মাজত আছে৷
 
গুজৰাট আৰু ৰাজস্থানৰ পৰা ২৫০ জন ছাত্ৰ ছাত্ৰী আহিছে। ৰেডযযয জ’নৰ পৰা অহা লোকসকলক সৰুসজাই ষ্টেডিয়ামতে অথবা হোটেলত কোৱাৰেণ্টাইন কৰা হৈছে৷ পৰীক্ষাত নিগেটিভ অহা লোকসকলক ইতিমধ্যে ষ্টাম্প মাৰি ঘৰলৈ যাব দিয়া হৈছে৷ এপল’ হাস্পাতালৰ পৰা অহা কেঞ্চাৰ ৰোগী সকলকো হোটেলৰ ব্যৱস্থা কৰি দিয়া বুলি জনায়।
 
সৰুসজাঁইত ইতিমধ্যে কোৱাৰেণ্টাইনত থকা লোক সকলৰ সংখ্যা বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি অতিশীঘ্ৰেই মহানগৰীৰ নেহৰু ষ্টেডিয়ামটোও কোৱাৰেণ্টাইন চেণ্টাৰলৈ ৰূপান্তৰিত হ’ব পাৰে বুলি ইংগিত দিয়ে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। তেখেতে কয় যে আটাইতকৈ কঠিন সময়ত সমগ্ৰ ৰাজ্যখনে আহি উপস্থিত হৈছে। ইতিমধ্যে বাহিৰৰ পৰা অহা লোকসকলৰ কাৰণে সমগ্ৰ ৰাজ্যৰে ৫টাকৈ স্থানত চেণ্টাৰ স্থাপন কৰা হৈছে। যদি মানুহ বেছি হয় তেতিয়াহ’লে এই চেণ্টাৰ সমূহ বঢ়াব লাগিব৷ নেহেৰু ষ্টেডিয়ামলৈ যোৱাৰ প্ৰয়োজনীয়তা আহিব পাৰে বুলিও তেখেতে কয়৷
 
বহিঃৰাজ্যৰ পৰা অহা গাড়ীসমূহ সৰুসজাইত প্ৰৱেশ কৰাৰ পিছতে সমগ্ৰ চৌহদৰ লগতে গাড়ীসমূহকো ছেনিটাইজ কৰাৰ কথা কয়৷ উল্লেখ্য যে বুধবাৰে নিশা অহা বাহনসমূহৰ মাজৰ পৰা পলায়ন কৰিছিল ৩খন বাছ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
 
তেখেতে কয় যে এতিয়াৰে পৰা শ্ৰীৰামপুৰত কটকটীয়া ব্যৱস্থা কৰা হৈছে। কোনোৱে যাতে পলায়ন কৰিব নোৱাৰে তাৰ বাবে শ্ৰীৰামপুৰতে বহিঃৰাজ্যৰ পৰা অহা বাছৰ চালক আৰু হেণ্ডিমেন সকলৰ নথি পত্ৰ সমূহ ৰাখি থোৱা হ’ব। উভতি যোৱাৰ সময়ত তেওলোকে নথি পত্ৰসমূহ লৈ যাব পাৰিব। ইতিমধ্যে গুৱাহাটী মহানগৰীত অচিনাক্ত অৱস্থাত ক’ৰণা ৰোগীৰ উপস্থিতিৰ কথাও কয় মন্ত্ৰী গৰাকীয়ে।

Comments (0)
Add Comment