অন্য এক দৃষ্টিৰে- বগীবিল দলং

অৰুণাচল প্ৰদেশৰ লগতে উজনি অসমৰ আৰ্থ সামাজিক, ঔদ্যোগিক, শৈক্ষিক আৰু যাতায়তৰ ক্ষেত্ৰত অভূৰ্তপূৰ্ব যোগাত্মক পৰিৱৰ্তনৰ সম্ভাৱনা কঢ়িয়াই অনা ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মান ” বগীবিল  দলং” সম্পূৰ্ণ হৈ উঠিব ২০১৮ চনৰ মাৰ্চ মাহত।
 
১৯৭৭ চনৰ ২৫ মে’ ত ডিব্ৰুগড়ত ধেমাজি আৰু ডিব্ৰুগড় সংযোগী এখন দলঙৰ দাবীত ৰাজহুৱা সভা যোগে লোৱা প্ৰস্তাৱৰ প্ৰায় বিশ বছৰৰ পিছত ১৯৯৭ চনৰ ২২ জানুৱাৰীত তদানীন্তন প্ৰধান মন্ত্ৰী এইচ ডি দেবগৌড়াই ধেমাজিৰ কুলাজানত “বগীবিল দলং” ৰ আধাৰশিলা স্থাপন কৰাৰ চাৰি বছৰৰ পিছত ২০০২ চনৰ ২১ এপ্ৰিলত ডিব্ৰুগড়ত দলং নিৰ্মাণৰ শুভাৰম্ভ কৰে, সেই সময়ৰ প্ৰধান মন্ত্ৰী অতুল বিহাৰী বাজপেয়ীয়ে। প্ৰায় ৪,৩১৫ মিটাৰ দৈৰ্ঘ্যৰ বগীবিল দলঙৰ মুঠ খুঁটাৰ সংখ্যা ৪২ টা ৷ দুটা ব্ৰডগজ ট্ৰেক আৰু দুটা লেন যুক্ত পথৰ বগীবিল দলঙৰ উত্তৰ পাৰে নিৰ্মান হোৱা পথৰ দৈৰ্ঘ্য ১৮.৬ কিলোমিটাৰ হোৱাৰ বিপৰীতে দক্ষিণ পাৰে নিৰ্মাণ হোৱা পথৰ দৈৰ্ঘ্য ২৩.৫৮ কিলোমিটাৰ। উত্তৰ পাৰে চিচিবৰগাঁও আৰু টঙানিত দুটা ৰেল ষ্টেচন হোৱাৰ বিপৰীতে দক্ষিনপাৰে জামিৰা ধমন গাৱঁত হ’ব আন এটা ৰেল ষ্টেচন।
বগীবিলৰ ৰেল দলঙৰ উচ্চতা ( Rail Level ) ১১৮.৪২৪ মিটাৰ। বগীবিল দলঙৰ নিৰ্মাণব্যয় প্ৰথমে ১৭৬৭ কোটি টকা ধাৰ্য্য কৰা হৈছিল যদিও সম্প্ৰতি সেয়াই পাঁচ হাজাৰ কোটি ৰ কাষ চাপিল গৈ। নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশে আগবঢ়া বগীবিল দলঙে উজনি অসমেই নহয় অৰুণাচল প্ৰদেশতো আমূল পৰিৱৰ্তনৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে। বগীবিল দলঙখনে বৰ্তমানে ৰঙিয়া – লামডিং হৈ ডিব্ৰুগড়লে অহা ৰেলপথৰ দৈৰ্ঘ্য ৫৩১ কিলোমিটাৰৰ পৰিৱৰ্তে ৰঙিয়া-লখিমপুৰ-ডিব্ৰুগড় ৰেলপথৰ দৈৰ্ঘ্য ৪৩১ কিলোমিটাৰলে হ্ৰাস কৰিব। ফলত অৰ্থৰ লগতে সময়ৰো ৰাহি হ’ব। বৰ্তমান বাছেৰে ডিব্ৰুগড়ৰ পৰা তেজপুৰ হৈ ইটানগৰলে সময় কমেও ১৪ ঘন্টা কিন্তু বগীবিল দলং হ’লে এই সময় লাগিব প্ৰায় সাত ঘণ্টা।
 
কেৱল এয়াই নহয় শৈক্ষিক আৰু ঔদ্যোগিক ক্ষেত্ৰটো আহিব আমূল পৰিৱৰ্তন। শীঘ্ৰে আহি আছে যোগাত্মক পৰিৱৰ্তনৰ স্বৰ্ণিল দিনবোৰ। ২০১৮ চনৰ মাৰ্চ মাহত ৰাইজৰ বাবে বগীবিল দলং মুকলি কৰি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। সেয়ে হ’লে অহা পহিলা ব’হাগৰ পৰা মুকলি হ’ব আশা আৰু সম্ভাৱনাৰ নতুন দুৱাৰ। 
বিজন শৰ্মা , ধেমাজি 
Comments (0)
Add Comment