অসমীয়া ভাষা প্ৰসাৰত গুৰুত্ব দিছে অসম সাহিত্য সভাই

অসমত ৰাজ্য ভাষা আইন কাৰ্য্যকৰীকৰণৰ বাবে ব্যাপক তৎপৰতা অৱলম্বন কৰিছে অসম সাহিত্য সভাই ।অসম ৰাজ্যৰ আওতাত থকা প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্য্যন্ত ব্ৰহ্মপুত্ৰ উপত্যকাত থকা শিক্ষানুষ্ঠান সমূহত  অসমীয়া ভাষা, বড়ো স্বায়ত্ব শাসিত এলেকাত বড়ো, অসমীয়া ভাষাত আবেদন ,চৰকাৰী টোকা লেখাটো বাধ্যতামূলক কৰাত গুৰুত্ব আৰোপ কৰিছে। আনহাতে বৰাক উপত্যকাত বাংলা, অসমীয়া ,পাৰ্বত্য এলেকাত ইংৰাজী, অসমীয়া ব্যৱহাৰ কৰিবলৈও আহ্বান জনাইছে ।অসম সাহিত্য সভাই অসমৰ চৰকাৰী বেচৰকাৰী যিকোনো চাকৰিত মাতৃভাষাৰ জ্ঞান বাধ্যতামূলক কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে বুলি এক বিবৃতিৰ যোগে জানিবলৈ দিছে।

Comments (0)
Add Comment