অসম নগালেণ্ড সীমান্ত উপায়ুক্তই পৰিদৰ্শন কৰিলে

শিৱসাগৰ জিলাৰ উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই আজি গেলেকীৰ ওচৰৰ অসম-নাগালেণ্ড সীমান্ত অঞ্চল পৰিদৰ্শন কৰে।পৰিদৰ্শন কালত উপায়ুক্ত গৰাকীয়ে সীমান্ত চকী (Border Outpost) সমূহত উপস্থিত হৈ সীমান্ত ৰক্ষাৰ কামত নিয়োজিত সেনা বিষয়া জোৱান সকলৰ লগত মত-বিনিময় কৰি তেওঁলোকৰ সুবিধা-অসুবিধা সমূহৰ বুজ লয়। আলোচনাৰ অন্তত সীমান্ত ৰক্ষাৰ দৰে গুৰুদায়িত্বত অহৰ্নিশে নিয়োজিত সেনা বিষয়া জোৱান সকলে সন্মুখীন হোৱা অসুবিধা সমুহ দূৰ কৰাৰ বাবে অতিশীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উপায়ুক্ত গৰাকীয়ে আশ্বাস দিয়ে। পৰিদৰ্শন কালত নাজিৰাৰ মহকুমাধিপতি ৰাজীৱ থাপা আৰু নাজিৰাৰ ৰাজহ চক্ৰ বিষয়া কবিতা কাকতি কোঁৱৰ উপস্থিত থাকে।খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিল্লিস্তান খানে 

Comments (0)
Add Comment