অসম সচিবালয়ত সংবিধান দিৱস পালন

সমগ্ৰ ৰাষ্ট্ৰই ২৬ নৱেম্বৰৰ দিনটো সংবিধান দিৱস হিচাপে পালন কৰে।উল্লেখযোগ্য যে,১৯৪৯ চনৰ ২৬ নৱেম্বৰ দিনটোতে ভাৰতৰ সংবিধানখন গ্ৰহণ কৰা হয়।সংবিধান সম্পৰ্কে ভাৰতৰ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰি ভাৰতীয় সংবিধানৰ প্ৰণেতা ড° বি আৰ আম্বেদকাৰৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যেৰে সংবিধান দিৱস প্ৰতিবছৰে পালন কৰি আহিছে।এই উপলক্ষে আজি জনতা ভৱনৰ অসম সচিবালয়ৰ ব্লক-এ প্ৰাংগণত দিনৰ ১১.০০ বজাত সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰা হয়।সাধাৰণ প্ৰশাসন বিভাগৰ যুটীয়া সচিব বুবুল লেখাৰুৱে উপস্থিত বিষয়া কৰ্মচাৰীসকলক এই প্ৰস্তাৱনা পাঠ কৰোৱায়।তথ্য আৰু জনসংযোগ সঞ্চালকালয়তো সংবিধান দিৱস পালন কৰি সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰা হয়।তথ্য আৰু জনসংযোগ সঞ্চালকালয় ৰ মুখ্য বিষয়া প্ৰমোদ কুমাৰ দত্তই বিষয়া কৰ্মচাৰী সকলক প্ৰস্তাৱনা পাঠ কৰোৱায়।

Comments (0)
Add Comment