সমগ্ৰ ৰাষ্ট্ৰই ২৬ নৱেম্বৰৰ দিনটো সংবিধান দিৱস হিচাপে পালন কৰে।উল্লেখযোগ্য যে,১৯৪৯ চনৰ ২৬ নৱেম্বৰ দিনটোতে ভাৰতৰ সংবিধানখন গ্ৰহণ কৰা হয়।সংবিধান সম্পৰ্কে ভাৰতৰ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰি ভাৰতীয় সংবিধানৰ প্ৰণেতা ড° বি আৰ আম্বেদকাৰৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যেৰে সংবিধান দিৱস প্ৰতিবছৰে পালন কৰি আহিছে।এই উপলক্ষে আজি জনতা ভৱনৰ অসম সচিবালয়ৰ ব্লক-এ প্ৰাংগণত দিনৰ ১১.০০ বজাত সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰা হয়।সাধাৰণ প্ৰশাসন বিভাগৰ যুটীয়া সচিব বুবুল লেখাৰুৱে উপস্থিত বিষয়া কৰ্মচাৰীসকলক এই প্ৰস্তাৱনা পাঠ কৰোৱায়।তথ্য আৰু জনসংযোগ সঞ্চালকালয়তো সংবিধান দিৱস পালন কৰি সংবিধানৰ প্ৰস্তাৱনা পাঠ কৰা হয়।তথ্য আৰু জনসংযোগ সঞ্চালকালয় ৰ মুখ্য বিষয়া প্ৰমোদ কুমাৰ দত্তই বিষয়া কৰ্মচাৰী সকলক প্ৰস্তাৱনা পাঠ কৰোৱায়।
Trending
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী