অসম সহ ১৬খন ৰাজ্যই লাভ কৰিব অপ্টিকেল ফাইবাৰ নেটৱৰ্ক

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰীয় মন্ত্ৰীসভাই বুধবাৰে দেশৰ ১৬খন ৰাজ্যত পিপিপি মডেলৰ মাধ্যমত ভাৰতনেটৰ সংশোধন বলবৎ কৰাৰ ৰণনীতিৰ বাবে মঞ্জুৰি প্ৰদান কৰে। ইয়াৰ দ্বাৰা এই ১৬খন ৰাজ্যৰ ভিতৰুৱা গাঁওবাসীয়ে লাভ কৰিব অপ্টিকেল ফাইবাৰ নেটৱৰ্কৰ সুবিধা। এই যোঁজনাৰ বাবে প্ৰায় ১৯হাজাৰ কোটিৰ টকা ব্যয়ৰ অনুমতি প্ৰদান কৰা হৈছে।বাচনি কৰা এই ৰাজ্য কেইখন ক্ৰমে- কেৰালা, কৰ্ণাটক, ৰাজস্থান, হিমাচলপ্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা, উত্তৰপ্ৰদেশ, মধ্যপ্ৰদেশ, পশ্চিম বংগ, অসম মেঘালয়, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু অৰুণাচলপ্ৰদেশ। এই যোঁজনাত অন্তৰ্ভুক্ত কৰা হৈছে গ্ৰাম্য পঞ্চায়তসহ প্ৰায় ৩.৬১ লাখখন গাঁও।

Comments (0)
Add Comment